শোণিতপুৰৰ মানশিৰিত বেংক অফ বৰোদাৰ ১১৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

শোণিতপুৰৰ মানশিৰিত বেংক অফ বৰোদাৰ ১১৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

author-image
Asomiya Pratidin
New Update
শোণিতপুৰৰ মানশিৰিত বেংক অফ বৰোদাৰ ১১৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

শোণিতপুৰৰ মানশিৰিত বেংক অফ বৰোদাৰ ১১৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

ডিজিটেল সংবাদ,জামুগুৰিহাট : শোণিতপুৰ জিলাৰ মানশিৰি গাঁও পঞ্চায়ত এলেকাৰ মানশিৰি চেন্টাৰত অৱস্থিত বেংক অফ বৰোদাৰ শনিবাৰে ১১৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ৷ এই উপলক্ষে বেংক অফ বৰোদাৰ মানশিৰি গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰী যুৱ সমাজকৰ্ম্মী জয়নাল খানৰ নেতৃত্বত আয়োজন কৰা প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচী সফলভাৱে সামৰণি পৰে।

Advertisment

উল্লেখযোগ্য যে প্ৰায় ১০ বছৰ ধৰি ৰাইজৰ সেৱাত ব্ৰতী হৈ এই গ্ৰাহক সেৱা কেন্দ্ৰৰ জৰিয়তে হাজাৰ হাজাৰ গ্ৰাহকক নিষ্ঠা সহকাৰে সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে অঞ্চলটোৰ ৰাইজ তথা গ্ৰাহকসকলে জয়নাল খান ধন্যবাদ আৰু আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে ৷

বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে বেংক অফ বৰোদাৰ শাখা প্ৰৱন্ধক প্ৰদীপ দাস, বিশিষ্ট সমাজকৰ্ম্মী কেশৱ উপাধ্যায়, নেমছুৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি আজনুৰ হুছেইন কে ধৰি বহুকেইগৰাকী গণ্য মাণ্য ব্যক্তিৰ লগতে অঞ্চলটোৰ শতাধিক ৰাইজ আৰু গ্ৰাহকসকল৷

Also Read: নগাঁও আৰক্ষীৰ জালত ৫জন চাইবাৰ অপৰাধী

Bank of Baroda foundation day