/asomiyapratidin/media/media_files/2025/07/20/1-2025-07-20-19-42-08.jpg)
ডিজিটেল সংবাদ,বালিপৰাঃ আজি বালিপৰাৰ ৰৌমাৰী গোৰ্খা ভৱনত উত্তৰ অসম নিম্বাৰ্ক পৰিষদৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ৷ সৎসঙ্গ পৰিষদৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আৰু ৰৌমাৰী হৰিহৰ মন্দিৰ পৰিচালনা সমিতিৰ সহযোগত আয়োজিত অনুষ্ঠানৰ পুৱা ধ্বজা উত্তোলন কৰে আচাৰ্য তুলসিচৰণ উপাধ্যায়ে ৷
ইয়াৰ পিছৰ বৃক্ষৰোপন, দ্বীপ প্ৰজ্বলন কাৰ্য্যসূচীৰ অন্তত ১১ বজাত পৰিষদৰ মূল সাধাৰণ সভা অনুষ্ঠিত হয়।কেন্দ্ৰীয় সমিতিৰ সভাপতি আচাৰ্য তুলসীচৰণ উপাধ্যায়ৰ সভাপতিত্বতক অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সাগৰ চৰণ নেওপানেই। স্থানীয় অন্নপূৰ্ণা মহিলা সমিতিৰ সভানেত্ৰী সবিতা দেবীৰ কণ্ঠৰ শুৱলা গীত পৰিবেশনৰ পিছতে আদৰণি সমিতিৰ সভাপতি বাহাদুৰ বৰাল আদৰণি ভাষণ প্ৰদান কৰে ৷
স্থানীয় বয়োজেষ্ঠ,অৱসৰ প্ৰাপ্ত শিক্ষক বৃন্দ, গাঁওপ্ৰধান,আই-মাতৃ সকল,হৰিহৰ মন্দিৰ পৰিচালনা সমিতিৰ সদস্য সকলৰ উপৰিও পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি ওমকাৰ অনন্ত চৰণ শাস্ত্ৰী,উপসভাপতি বিষ্ণকমল শাস্ত্ৰী,শোণিতপুৰ জিলা সমিতিৰ সভাপতি ধনপতি কাফলে ৰ লগতে শোণিতপুৰ, কোকৰাঝাৰ, বিশ্বনাথ, ধেমাজি, তিনিচুকীয়া,বঙাইগাঁও, চিৰাং,বাস্কা, ওদালগুৰি,আদি জিলাৰ পৰিষদৰ প্ৰতিনিধিয়েও অংশ গ্ৰহণ কৰে।
সভাত স্থানীয় আশীৰোৰ্দ্ধৰ বৰ্ষিয়ান নাগৰিক সকলক উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। গুৰুত্বপূৰ্ণ সভাখনিত পৰিষদৰ বিভিন্ন উন্নয়ন মূলক আলোচনা ও সিদ্ধান্ত গ্ৰহণৰ লগতে পৰিষদৰ আশ্ৰম নিৰ্মাণৰ আলোচনাই বিশেষ স্থান দখল কৰে।
সৎ চিন্তা আৰু সৎ কৰ্মৰ জৰিয়তে আধ্যাত্মিক চিন্তাধাৰাৰে নিস্বাৰ্থভাবেই সেৱা আগবঢ়াই জীৱন সাৰ্থক কৰি তুলিবলৈ সভাপতি আচাৰ্য্য তুলসীচৰণ উপাধ্যায়ে সকলোৰে প্ৰতি আহ্বান জনায়।