মাতাল স্বামীৰ হাতত প্ৰাণ হেৰুৱালে পত্নীয়ে....

বালিপৰাৰ আদাবাৰী চাহ বাগিচাৰ বিৰু কৰ্মকাৰা নামৰ লোকজনে সুৰাৰ ৰাগিত তেওঁৰ পত্নী মালতী কৰ্মকাৰক হত্যা কৰাৰ পিছতেই এতিয়া বাগিচাখনত চাঞ্চল্যৰ সৃষ্টি হৈছে।

author-image
Tushar Pratim
New Update
মাতাল স্বামীৰ হাতত প্ৰাণ হেৰুৱালে পত্নীয়ে....

ডিজিটেল সংবাদ জামুগুৰিহাটঃ গৃহ কন্দলৰ আৰু সুৰাৰ অবাধ প্ৰচলনৰ ভয়ংকৰ পৰিণতি। স্বামীৰ প্ৰহাৰত প্ৰাণ হেৰুৱালে পত্নীয়ে। এই ঘটনা সংঘটিত হৈঠে বালিপৰাৰ আদাবাৰী চাহ বাগিচাত।

Advertisment

বালিপৰাৰ আদাবাৰী চাহ বাগিচাৰ বিৰু কৰ্মকাৰা নামৰ লোকজনে তেওঁৰ পত্নী মালতী কৰ্মকাৰক হত্যা কৰাৰ পিছতেই এতিয়া বাগিচাখনত চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে বিৰু কৰ্মকাৰে যোৱা নিশা নিচাসক্ত অৱস্থাত আহি পত্নীৰে কাজিয়াত লিপ্ত হৈছিল। 

সেই কাজিয়াৰ মাজতেই পত্নী মালতী কৰ্মকাৰক বাঁহৰ লাঠিৰে নিৰ্দয়ভাৱে মৰিয়াই মৰিয়াই হত্যা কৰে। ইতিমধ্যে এই চাৰিদুৱাৰ আৰক্ষীয়ে পত্নীহন্তা বিৰু কৰ্মকাৰক গ্ৰেপ্তাৰ কৰি তেজপুৰস্থিত কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। এই ঘটনাই অঞ্চলটোত চাঞ্চল্য অব্যাহত ৰাখিছে। 

জামুগুৰি বালিপৰা