ভাৰত জোড়ো ন্যায় যাত্ৰাৰ কাৰ্য্যসূচীলৈ ভয় খাইছে অসমৰ মুখ্যমন্ত্ৰীয়ে : ৰাহুল গান্ধী

ভাৰত জোড়ো ন্যায় যাত্ৰাৰ কাৰ্য্যসূচীলৈ ভয় খাইছে অসমৰ মুখ্যমন্ত্ৰীয়ে : ৰাহুল গান্ধী

ডিজিটেল সংবাদ,ছয়দুৱাৰ :কংগ্ৰেছ যুৱৰাজ তথা সাংসদ ৰাহুল গান্ধীৰ নেতৃত্বত অহা ভাৰত জোড়ো ন্যায় যাত্ৰাৰ দলটো দেওবাৰে পুৱা প্ৰায় ৯-০০ বজাত গহপুৰত প্ৰৱেশ কৰে। ইটানগৰৰ পৰা আহি অসম অৰুণাচল সীমান্তবৰ্তী ৰাজগড় হৈ গহপুৰত প্ৰৱেশ কৰা ন্যায় যাত্ৰাৰ নেতৃত্ববহনকাৰী ৰাহুল গান্ধীক ৰাজগড়ত বিশ্বনাথ জিলা কংগ্ৰেছ, ছয়দুৱাৰ আৰু পূৱ ছয়দুৱাৰ ব্লক কংগ্ৰেছ কমিটিৰ বিষয়ববীয়া আৰু কৰ্মী-সমৰ্থনক সকলে উস্ম আদৰণি জনায়।

ইয়াৰ পিছত ৰাজগড়ৰ সমীপত অনুষ্ঠিত সন্মিলিত বিৰোধী ঐক্যমঞ্চৰ এখন সভাত অংশগ্ৰহণ কৰে ৰাহুল গান্ধীয়ে। বিৰোধী ঐক্যমঞ্চৰ এই সভা সন্দৰ্ভত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দীজেন শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে, অহা লোকসভা নিৰ্বাচনত আসন বুজাবুজিৰে অবতীৰ্ণ হ'বলৈ উক্ত সভাত আলোচনা কৰা হয়।

এইক্ষেত্ৰত তেওঁ আৰু কয় যে, প্ৰতিটো লোকসভা সমষ্টিত বিৰোধীৰ পৰা এজন মাত্ৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰা হ'ব। বিজেপিক পৰাভূত কৰিবলৈ বিৰোধী ঐক্যমঞ্চই আসন বুজাবুজিৰ ক্ষেত্ৰত এৰা ধৰা কৰাৰ সম্পৰ্কতো আলোচনা হয় ।

ইয়াৰ পিছত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ দলটো আহি উপস্থিত হয় গহপুৰ নগৰৰ মাজমজিয়াত থকা বৰপুখুৰীৰ পাৰত। তাতেই ৰাহুল গান্ধীয়ে ছহিদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ যুগল মূৰ্তিৰ লগতে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুস্পাঞ্জলী আৰু মাল্যাৰ্পন কৰে। ভাৰত জড়ো ন্যায় যাত্ৰাৰ কাৰ্য্যসূচীৰ অংশ স্বৰূপে আজি গহপুৰত পদাৰ্পন কৰা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীক বড়ো,মিছিং আৰু ঝুমুৰ নৃত্যৰ দলে ব্যাপক আদৰণি জনোৱা পৰিলক্ষিত হয়।

ভাৰত জোড়ো ন্যায় যাত্ৰাৰ দলটোত অংশ লৈ গহপুৰৰ পৰা কলিয়াবৰ অভিমুখে যাত্ৰা কৰা ৰাহুল গান্ধীয়ে গহপুৰৰ লগতে বিভিন্ন ঠাইত ৰাইজক সন্বোধন কৰি কয় যে, এই ভাৰত জোড়ো ন্যায় যাত্ৰাৰ কাৰ্য্যসূচীলৈ ভয় খাইছে অসমৰ মুখ্যমন্ত্ৰীয়ে। যাৰ বাবে এতিয়া তৎ হেৰাইছে মুখ্যমন্ত্ৰীৰ। আৰ এছ এছ আৰু বিজেপিয়ে হিংসা আৰু ঘৃণা বিয়পোৱাৰ কথা উল্লেখ কৰি ৰাহুল গান্ধীয়ে কয় যে, জাত-পাত আৰু ভাষাৰ ৰাজনীতি কৰি সমাজত বিদ্বেষ সৃষ্টি কৰি আহিছে বিজেপিয়ে।

তদুপৰি বিজেপিয়ে যুৱ প্ৰজন্ম আৰু কৃষকসকলক যথেষ্ট অন্যায় কৰা বুলি উল্লেখ কৰে। ৰাহুল গান্ধীয়ে কয় যে, নোট বন্দী আৰু জি এছ টিৰ ফলত অসমত এটা পৰিয়ালৰ আৰু ভাৰতত আদানীৰ বাহিৰে আন কাৰোৰে লাভ হোৱা নাই। অসমৰ মুখ্যমন্ত্ৰীজন ভাৰতৰ ভিতৰতে ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী বুলি উল্লেখ কৰে।

তেওঁ কয় যে এই ন্যায় যাত্ৰাক বিফল কৰিবলৈ যি দৰে অনুমতি নাকচ কৰি, বেনাৰ, পোষ্টাৰ, হৰ্ডিং ফালি বিজেপি চৰকাৰে ভয় ভাবুকি দেখুৱাইছে সেয়া এখন গণতান্ত্ৰিক দেশৰ বাবে অতি ভয়াৱহ বাৰ্তা। এই ন্যায় যাত্ৰা ৰাহুল গান্ধীৰ যাত্ৰা নহয় বুলি উল্লেখ কৰি ৰাহুল গান্ধীয়ে কয় যে, এই যাত্ৰা অসমৰ আৰু ভাৰতৰ ৰাইজৰ ন্যায়ৰ যাত্ৰা।

ইপিনে চৰকাৰ-প্ৰশাসন আৰু বিজেপি দলে এই ন্যায় যাত্ৰাৰ কাৰ্য্যসূচী বিফল কৰি তুলিবলৈ গ্ৰহণ কৰি অহা অপচেষ্টাৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে। তেওঁ কয় যে, ৰাহুল গান্ধীৰ এই ন্যায় যাত্ৰাৰ কাৰ্য্যসূচীলৈ অসমৰ প্ৰান্তে প্ৰান্তে যেনেধৰণৰ সমৰ্থন বৃদ্ধি পাইছে সেই জনসমৰ্থনত শংকিত হৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকক ধমকি দিবলৈ লৈছে।

গণতন্ত্ৰক বিশ্বাস কৰা কংগ্ৰেছ দলে এইবোৰ ধমকিলৈ ভয় নাখায় বুলি উল্লেখ কৰি কয় যে,কংগ্ৰেছে তৈয়াৰ কৰা ৰোড মেপ মতেই গুৱাহাটীৰ মাজেৰে যাত্ৰা কৰিব কংগ্ৰেছৰ ন্যায় যাত্ৰাৰ দলে। গুৱাহাটী প্ৰেছ ক্লাৱলৈয়ো যদি এই ন্যায় যাত্ৰাৰ দলটো মুখ্যমন্ত্ৰীৰ মতে যাব নোৱাৰে তেন্তে অসমত কেনেধৰণৰ স্বৈৰাচ্ছাৰী শাসন চলিছে সেয়া বুজাই কোৱাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰে।

লগতে জয়ৰাম ৰমেশে কংগ্ৰেছৰ এই ন্যায় যাত্ৰাৰ কাৰ্য্যসূচীক লৈ মুখ্যমন্ত্ৰীক ভয় নাখাবলৈ অনুৰোধ কৰি গণতান্ত্ৰিকভাৱে কংগ্ৰেছৰ এই কাৰ্য্যসূচী চলি যাবলৈ দিয়ক বুলি তেওঁ মুখ্যমন্ত্ৰীক অনুৰোধ কৰে। ইপিনে-অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই নিজৰ প্ৰতিক্ৰিয়াত কয় যে, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা অলপতে গুৱাহাটীৰ মাজেৰে যিটো পথেৰে যাত্ৰা কৰিছিল সেই পথৰেই যাব ৰাহুল গান্ধী নেতৃত্বাধীন ভাৰত জোড়ো ন্যায় যাত্ৰাৰ দলটো।

গুৱাহাটী প্ৰেছ ক্লাৱৰ নিমন্ত্ৰণ প্ৰত্যাখ্যান কোনো কাৰণতে কৰা নহ'ব বুলি উল্লেখ কৰে। ভূপেন কুমাৰ বৰাই কয়- "আমি জে.পি নাড্ডা যোৱা ৰাস্তাৰে গুৱাহাটীৰ মাজেৰে খোজ কাঢ়িম। ইয়াত কোনো সিদ্ধান্তৰ ইফাল সিফাল নহয়"।

ইপিনে এই ভাৰত জোড়ো ন্যায় যাত্ৰাৰ কাৰ্য্যসূচী বিফল কৰি তুলিবলৈ বিজেপি দলে যি ধৰণৰ নিকৃষ্ট পন্থা হাতত লৈছে তাক কঠোৰ ভাষাৰে নিন্দা কৰিছে ভূপেন কুমাৰ বৰাই।তেওঁ কয় -ঘৰলৈ শত্ৰু আহিলেও বৰপীৰা পাৰি দিব লাগে বুলি অসমীয়াত এষাৰ প্ৰবাদ আছে। তেনেক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে এই ন্যায় যাত্ৰাৰ দলটোৰ প্ৰতি যেনেধৰণৰ আচৰণ কৰিছে সেই আচৰণে মুখ্যমন্ত্ৰীয়ে যে অসমত এটা বিজতড়ীয়া আৰু অপসংস্কৃতি গঢ়ি তুলিছে সেয়া প্ৰমাণিত কৰিছে।

ঠায়ে ঠায়ে কংগ্ৰেছ দলৰ বেনাৰ-পোষ্টাৰ ফালি-ছিৰি পেলোৱা,মেছিন নাৱৰ ইঞ্জিন খুলি লৈ যোৱা,তেল ডিপো বন্ধ কৰি দিয়া আদি কাৰক সমূহে অসমত চলি থকা স্বৈৰাচ্ছাৰী শাসন ব্যৱস্থাৰ এখন বাস্তৱ ছৱি প্ৰতিফলিত কৰি তোলা বুলিও মন্তব্য কৰে ভূপেন কুমাৰ বৰাই।

গহপুৰৰ দেওবৰীয়া সাপ্তাহিক বজাৰ বন্ধ: গহপুৰ পৌৰসভাৰ অধীনত চলি অহা পুৰুপবাৰীৰ দেওবৰীয়া সাপ্তাহিক বজাৰখন আজি হঠাতে বন্ধ হৈ পৰে। জানিব পৰামতে-দেওবৰীয়া সাপ্তাহিক বজাৰলৈ অহা ক্ৰেতা-বিক্ৰেতা সকলে যাতে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ কাৰ্য্যসূচী উপভোগ কৰিব নোৱাৰে কিম্বা উক্ত ন্যায় যাত্ৰাৰ প্ৰতি সমৰ্থন আগবঢ়াব নোৱাৰে তাৰ বাবে প্ৰশাসনৰ নিৰ্দেশত বন্ধ হৈ পৰে বজাৰখন।

কোনো ধৰণৰ আগতীয়া জাননী নিদিয়াকৈ হঠাতে বজাৰখন বন্ধ কৰি দিয়াত বেপাৰীসকলৰ মাজত হাহাকাৰ লাগে। বহুতে পুৱা গাড়ীত মাল বস্তু লৈ বজাৰত আহি উপস্থিত হোৱাৰ পিছতহে বজাৰ বন্ধ বুলি জানিব পাৰে।

এইক্ষেত্ৰত শাক পাচলিৰ ব্যৱসায়ীসকল বহু লোকচানৰ সন্মুখীন হয়। বহু খাটিখোৱা পৰিয়ালৰ বাবে জীৱন জীৱিকাৰ একমাত্ৰ থলী বজাৰখন এনেদৰে বন্ধ কৰি দিয়াত চৰকাৰ-প্ৰশাসনৰ বিৰূদ্ধে তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি প্ৰকাশ কৰে ব্যায়সায়ীসকলে। মাত্ৰ ১৫-২০ মিনিটৰ ভিতৰতে বজাৰখনৰ সন্মুখেৰে পাৰ হৈ যোৱা কংগ্ৰেছৰ ন্যায় যাত্ৰাটোৰ বাবে দিনটোৰ বাবে বজাৰখন বন্ধ হৈ পৰা কাৰ্য্যক কোনেও সহজভাৱে লব পৰা নাই।

দেওবাৰেও খোলা পঞ্চায়তৰ কাৰ্য্যলয় : ৰাহুল গান্ধীৰ এই ভাৰত জোড়ো ন্যায় যাত্ৰাৰ কাৰ্য্যসূচীত যাতে গাঁৱৰ মহিলা সকলে অংশগ্ৰহণ কৰিব নোৱাৰে সেই উদ্দেশ্যে দেওবাৰেও খোলা ৰখা হয় পঞ্চায়তৰ কাৰ্য্যলয়সমূহ। এই দৃশ্য আজি সুলভ হৈ পৰে গহপুৰ সমষ্টিৰ প্ৰান্তে প্ৰান্তে।

গোটৰ মহিলাসকলৰ ১০ হাজাৰ টকীয়া আঁচনিৰ প্ৰ-পত্ৰ পূৰণৰ বাবে আজিৰ দিনটোকে বাছি লয় পঞ্চায়ত কতৃপক্ষ আৰু ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান মিছনে।তাৰ বাবে পৰহিৰে পৰা গোটৰ মহিলাসকললৈ কঠোৰ নিৰ্দেশনা দিয়া হয়। নিৰ্দেশনাত গোটৰ মহিলাসকলে আজি সোঁশৰীৰে উপস্থিত থকাটো বাধ্যতামূলক বুলি উল্লেখ কৰাৰ পিছত পুৱাৰে পৰা এনেদৰে আবদ্ধ হৈ থাকিব লগা হয়।

ভাৰত জোড়ো ন্যায় যাত্ৰাৰ কাৰ্য্যসূচীলৈ ভয় খাইছে অসমৰ মুখ্যমন্ত্ৰীয়ে : ৰাহুল গান্ধী
বহিঃৰাজ্যত অসমৰ শ্ৰমিকৰ ৰহস্যজনক মৃত্যু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in