মাত্ৰ ১৯ দিনতে নিলম্বন প্ৰত্যাহাৰ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ নিলম্বিত খণ্ড উন্নয়ন বিষয়া অৰুণ কুমাৰ দাসৰ...

মাত্ৰ ১৯ দিনতে নিলম্বন প্ৰত্যাহাৰ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ নিলম্বিত খণ্ড উন্নয়ন বিষয়া অৰুণ কুমাৰ দাসৰ...

ডিজিটেল সংবাদ গহপুৰ: অসমৰ বিভিন্ন প্ৰান্তৰ ৮ গৰাকীকৈ খণ্ড উন্নয়ন বিষয়াক এমজিএনৰেগা আঁচনিৰ সামগ্ৰীৰ বাবে আবণ্টিত পুঁজিৰ বিত্তীয় কেলেংকাৰী কৰাৰ অভিযোগত চাকৰিৰ পৰা নিলম্বনৰ দৰে কঠোৰ স্থিতি গ্ৰহণ কৰা অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিৱ জে.বি এক্কা মাত্ৰ ১৯ দিনতে নমনীয় হৈ পৰা কাৰ্য্যই সমগ্ৰ ব্যৱস্থাটোক অতি ৰহস্যজনক কৰি তুলিছে। বিত্তীয় কেলেংকাৰী সংঘটিত কৰাৰ বাবে উক্ত ৮ গৰাকী বিডিঅ'ৰ বিৰুদ্ধে প্ৰথমে জুইৰ দৰে গৰম হৈ দুদিনমানৰ পিছতে বৰফৰ দৰে ঠাণ্ডা হৈ পৰা প্ৰধান সচিৱ জে.বি এক্কাই দুজনমানৰ বাহিৰে নিলম্বিত বাকী বিডিঅ'সকলক ক্লীনশ্বীট দি পুনৰ একেটা কাৰ্য্যলয়তে কাৰ্য্যনিৰ্বাহ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰাৰ খবৰে আমোদজনক কৰি তুলিছে প্ৰধান সচিৱগৰাকীৰ কাৰ্য্যব্যৱস্থাক।

প্ৰধান সচিৱগৰাকীয়ে দোষমুক্ত কৰাৰ তালিকাত আছে গহপুৰ মহকুমাৰ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ বিডিঅ' অৰুণ কুমাৰ দাসৰ নামো। উল্লেখযোগ্য যে-উন্নয়ন খণ্ড বা পঞ্চায়ত কাৰ্য্যলয়ত কৰ্মৰত ঠিকা ভিত্তিত কৰ্মচাৰীক দৰমহা হিচাপে দিবলৈ ৰখা এমজিএনৰেগাৰ পুঁজিৰ ধন পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্তৰ বিত্তীয় অনুমোদন অবিহনে এমজিএনৰেগাৰ সামগ্ৰীৰ ধনৰ শিতানত খৰছ কৰা দেখুৱাই এগৰাকী ভেণ্ডৰৰ একাউন্টত অৰ্কৃত্বশীলভাবে ভৰোৱাৰ অভিযোগত ছয়দুৱাৰ উন্নয়ন খণ্ডৰ বিডিঅ' অৰুণ কুমাৰ দাসক যোৱা ২২ ডিচেম্বৰত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিৱ জে.বি এক্কাই এক নিৰ্দেশনা যোগে(ECF NO 419022/DFA/443000 Dated 22/12/2023) চাকৰিৰ পৰা নিলম্বিত কৰিছিল।

সেই অনুসৰি বিডিঅ' অৰুণ কুমাৰ দাসে এমজিএনৰেগাৰ ৯,৬৭,৭১৫ টকাৰ বিত্তীয় কেলেংকাৰী সংঘটিত কৰা বুলি নিলম্বনৰ নিৰ্দেশনাটোত প্ৰকাশ পাইছিল। অৰুণ কুমাৰ দাসৰ উক্ত অনিয়মৰ বিষয়ে বিভাগে গম পোৱাৰ পিছত ইয়াৰ উত্তৰ বিচাৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে তেওঁলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছিল যদিও তেওঁৰ উত্তৰত বিভাগ সন্তুষ্ট নোহোৱাৰ কাৰণে 1964 Assam Service (Discipline and Appeal) Rule 3ৰ অধীনৰ বিধি অনুসৰি অৰুণ কুমাৰ দাসক নিলম্বন কৰা বুলি নিৰ্দেশনাটোত উল্লেখ আছিল।

তদুপৰি বিডিঅ' অৰুণ কুমাৰ দাসৰ নিলম্বনৰ নিৰ্দেশনাটোত তেওঁ 1965 Assam Civil Service Conduct Rule 3 ৰ নিয়ম অমান্য কৰা বুলি উল্লেখ আছিল যদিও মাত্ৰ ১৯ দিনতে এই সকলো বোৰ এতিয়া গালো বালো খোলাকটি তালত পৰিণত হ'ল।কাৰণ বিভাগটোৰ একেগৰাকী প্ৰধান জে.বি এক্কাই ECF-- -419022/DFA/469017, Dated-09/01/2024 নং নিৰ্দেশনা যোগে যোৱা ২২ ডিচেম্বৰৰ নিলম্বনৰ নিৰ্দেশনাটো উঠাই লোৱা বুলি উল্লেখ কৰি অৰুণ কুমাৰ দাসক পুনৰ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ বিডিঅ' হিচাপে কাৰ্য্যনিৰ্বাহ কৰিবলৈ ক্ষমতা দিছে।

এনৰেগাৰ বিত্তীয় কেলেংকাৰীৰ বিৰুদ্ধে উথাপন হোৱা অভিযোগৰ সন্দৰ্ভত প্ৰেৰণ কৰা কাৰণ দৰ্শোৱা জাননীৰ উত্তৰত বিভাগ সন্তোষ্ট নোহোৱাৰ বাবে অৰুণ কুমাৰ দাসক নিলম্বন কৰাৰ পিছত একেগৰাকী প্ৰধান সচিৱ জে.বি এক্কাই মাত্ৰ ১৯ দিনতে সুৰ সলনি কৰি নিলম্বন উঠাই লৈ আকৌ একেটা কাৰ্য্যলয়তে একেই পদবীত কাৰ্য্যনিৰ্বাহ কৰিবলৈ নিৰ্দেশ দিয়া কাৰ্য্যই আচৰিত কৰি তুলিছে গহপুৰৰ সচেতন ৰাইজক।নিলম্বন আৰু নিলম্বন উঠাই লোৱাৰ ক্ষেত্ৰত ইমান খৰতকীয়াকৈ পূৰ্বতে এনেধৰণৰ কাৰ্য্য হোৱা নাছিল বুলি উল্লেখ কৰি গহপুৰৰ সচেতন ৰাইজে সংবাদ মাধ্যমৰ আগত এইক্ষেত্ৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে শূণ্য সহনশীল আৰু আপোচবিহীন স্থিতিৰ কথা কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বাবে এনেধৰণৰ দুমুখীয়া স্থিতিৰ নিৰ্দেশনা সঁচাকৈ আলোচ্যৰ বিষয়।

উল্লেখযোগ্য যে-প্ৰধান সচিৱ জে.বি এক্কাই বিডিঅ' অৰুণ কুমাৰ দাসে একেটা স্থানতে ২০১৯ চনৰ জুলাই মাহৰ পৰা চাৰি বছৰৰো অধিক সময় কেনেদৰে কাৰ্য্যনিৰ্বাহ কৰাৰ সুবিধা পাই আহিছে সেই বিষয়ত অকণো দৃষ্টি নিক্ষেপ নকৰি পুনৰ একেটা স্থানতে কাৰ্য্যনিৰ্বাহ কৰাৰ নিৰ্দেশনা দিয়াৰ আঁৰত বহু গোপন কথা নিহিত হৈ আছে বুলি ভাবিবলৈ বাধ্য হৈছে গহপুৰ মহকুমাৰ ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে।

মাত্ৰ ১৯ দিনতে নিলম্বন প্ৰত্যাহাৰ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ নিলম্বিত খণ্ড উন্নয়ন বিষয়া অৰুণ কুমাৰ দাসৰ...
ৰাম মন্দিৰৰ উদ্বোধনৰ পাছতে সংসদৰ বাজেট অধিৱেশনঃ চমক দিবলৈ সাজু বিত্তমন্ত্ৰী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in