৩ দিনে পানীৰ মাজত আৱদ্ধ এটা হাতীঃ দৰ্শকৰ ৰূপত বন বিভাগ, উদ্ধাৰৰ নাই কোনো পদক্ষেপ...

৩ দিনে পানীৰ মাজত আৱদ্ধ এটা হাতীঃ দৰ্শকৰ ৰূপত বন বিভাগ, উদ্ধাৰৰ নাই কোনো পদক্ষেপ...
৩ দিনে পানীৰ মাজত আৱদ্ধ এটা হাতীঃ দৰ্শকৰ ৰূপত বন বিভাগ, উদ্ধাৰৰ নাই কোনো পদক্ষেপ...

ডিজিটেল ডেস্কঃ পানীৰ মাজত মৃত্যুৰে যুঁজিছে এটা বন্য হাতীয়ে।শোণিতপুৰ জিলাৰ ঠেলামৰা ৰাজহ চক্ৰৰ অন্তৰ্গত তেলিয়াগাঁও ঘাটত ব্ৰহ্মপুত্ৰৰ এটা এৰা সুঁতীত বিগত ৩ দিন ধৰি পানীত সোমাই আছে এটা বন্য হাতী।

কিন্তু এতিয়াও এই হাতীটোক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই বন বিভাগ। ফলত পানীৰ মাজতে ক্ৰমাৎ দুৰ্বল হৈ পৰিছে হাতীটো। স্থানীয় লোকে প্ৰকাশ কৰা মতে মঙ্গলবাৰে সন্ধিয়াহে বন বিভাগৰ এটা দলে পানীৰ মাজত আৱদ্ধ হৈ থকা হাতীটোক চাবলৈ আহে। কিন্তু কোনো ব্যৱস্থা গ্ৰহণ নকৰাকৈ ঘূৰি যায়।

সেই দৰে আজিও বন বিভাগৰ লোকে এই হাতীটো আৱদ্ধ হৈ থকা ঠাইলৈ আহিছে যদিও হাতীটোক উদ্ধাৰৰ কোনো ব্যৱস্থা এই পৰ্যন্ত গ্ৰহণ কৰা নাই। হাতীটোক পানীৰ পৰা কিদৰে উদ্ধাৰ কৰিব সেই বিষয়েও কোনো সিদ্ধান্ত ল'ব পৰা নাই বন বিভাগৰ দলটোৱে।

কেৱল স্থানীয় লোকে পাৰতৈ ৰৈ চাই থকাৰ দৰেই বন বিভাগৰ দলটোৱেও হাতীটোক চাইহে সময় পাৰ কৰিছে। ইফালে স্থানীয় লোকে জনোৱা অনুসৰি পানীত সোমাই থকা হাতীটোৱে পানীৰ মাজত খোজকাঢ়ি আছে যদিও ওপৰলৈ উঠি অহা নাই।

স্থানীয় ৰাইজে পানীৰ মাজতে হাতীটোক খাদ্যৰ যোগান ধৰিছে যদিও সেই খাদ্যও খোৱা নাই হাতীটোৱে। স্থানীয় লোকে জনাইছে হাতীটোক কল, কলগছ, কলগছৰ পাত, বাঁহপাত আদি পানীৰ মাজতে খাবলৈ যোগান ধৰিছে।

কিন্তু কোনো খাদ্যই খোৱা নাই হাতীটোৱে। স্থানীয় লোকে সন্দেহ কৰা অনুসৰি হাতীটো অসুস্থ। ভৰিত হয়তো কিবা ৰোগত আক্ৰান্ত হৈছে হাতীটো।

৩ দিনে পানীৰ মাজত আৱদ্ধ এটা হাতীঃ দৰ্শকৰ ৰূপত বন বিভাগ, উদ্ধাৰৰ নাই কোনো পদক্ষেপ...
হাইস্কুল শিক্ষান্ত পৰীক্ষাত একেলগে উত্তীৰ্ণ হ'ল মাতৃ-পুত্ৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in