চতিয়াত চিলনী চোৰৰ তাণ্ডৱ : শিক্ষয়ত্ৰীৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই নিয়াৰ চেষ্টা

চতিয়াত চিলনী চোৰৰ তাণ্ডৱ : শিক্ষয়ত্ৰীৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই নিয়াৰ চেষ্টা

author-image
Asomiya Pratidin
New Update
চতিয়াত চিলনী চোৰৰ তাণ্ডৱ : শিক্ষয়ত্ৰীৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই নিয়াৰ চেষ্টা

ডিজিটেল সংবাদ,জামুগুৰিহাট : চতিয়াত চিলনী চোৰৰ তাণ্ডৱ । দিন দুপৰতে ৰাজপথত এগৰাকী শিক্ষয়ত্ৰীৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই নিয়াৰ চেষ্টা চলালে দুৰ্বৃত্তই।

Advertisment

চতিয়াৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ঘটনা। চতিয়াৰ শিক্ষয়ত্ৰী এগৰাকীয়ে স্কুটিৰে বিদ্যালয়ৰ পৰা ঘৰলৈ আহি থকাৰ সময়তে এখন পালচাৰ বাইকত অহা দুগৰাকী যুৱকে মহিলাগৰাকীৰ ডিঙিৰ পৰা সোঁণৰ চেইন থপিয়াই নিয়াৰ চেষ্টা চলায়।

অৱশ্যে সোণৰ চেইনডাল নিবলৈ ব্যৰ্থ হ'লেও চিলনী চোৰৰ আঙুলিৰ নখৰ আচোৰত আঘাতপ্ৰাপ্ত হয় শিক্ষয়ত্ৰীগৰাকী। ইতিমধ্যে ঘটনা সন্দৰ্ভত শিক্ষয়ত্ৰীগৰাকীয়ে চতিয়া থানাত এজাহাৰ দাখিল কৰিছে। দিন দুপৰতে চতিয়াৰ ৰাজপথত এইদৰে চিলনী চোৰৰ ঘটনাই ৰাইজক চিন্তিত কৰি তুলিছে।

Also Read: Haryana Election: হাৰিয়ানাত ক্ষমতা হেৰুৱাব বিজেপিয়ে ! কংগ্ৰেছক ৰুধিবলৈ সাজু আপ !

jamugurihat