দুৰ্ঘটনাত দুয়োখন ভৰি হেৰুৱাইয়ো হাৰ নমনা গোপাল নাগে কিনিলে 'পাৱাৰটিলাৰ'

দুৰ্ঘটনাত দুয়োখন ভৰি হেৰুৱাইয়ো হাৰ নমনা গোপাল নাগে কিনিলে 'পাৱাৰটিলাৰ'

author-image
Asomiya Pratidin
New Update
দুৰ্ঘটনাত দুয়োখন ভৰি হেৰুৱাইয়ো হাৰ নমনা গোপাল নাগে কিনিলে 'পাৱাৰটিলাৰ'

ডিজিটেল সংবাদ, গহপুৰঃ বহুতৰ বাবে সাহস আৰু প্ৰেৰণাৰ আন এটা নাম গহপুৰৰ ছন্দামাৰী বঙালী গাঁৱৰ গোপাল নাগ। ২০১৪ বর্ষতে গুৱাহাটীৰ যোৰাবাটত এটা পথ দুৰ্ঘটনাত গোপাল নাগে নিজৰ দুয়োখন ভৰি হেৰুৱাইছিল।কেইবামাহ চিকিৎসালয়ত থকাৰ পিছত কেতিয়াও হাৰ মানিব নোখোজা গোপাল নাগে আৰম্ভ কৰিলে কৃষি কৰ্ম।

আন সুস্থ ব্যক্তিৰ দৰেই আৰম্ভ কৰিলে কৃষিকৰ্ম গোপাল নাগে। উল্লেখ্য যে, এসপ্তাহ পূৰ্বে গোপাল নাগে নিজৰ টকাৰে ক্ৰয় কৰিলে এখন পাৱাৰটিলাৰ। কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ এতিয়া পাৱাৰটিলাৰ চলাই মাটি চাহ কৰিব পাৰে তেওঁ। অত্যন্ত সাহসী গোপাল নাগে কৃষি কৰ্মৰে নিজৰ লগতে আন ১০ জনৰ বাবেও কৰ্মসংস্থাপনৰ সুবিধা প্ৰদান কৰি আগুৱাই নিয়াৰ বাবে মনত পুহি ৰাখিছে দুৰ্বাৰ হেঁপাহ।

Also Read: পুনৰ বিতৰ্কত ৰুদ্ৰকন্যা থিয়েটাৰ : নাটক প্ৰদৰ্শন কৰিব নোৱাৰি পলায়ন কৰ্তৃপক্ষৰ

গোপাল নাগ