নাৰায়ণপুৰলৈ গৈ সাত দিনে নিৰুদ্দেশ ধলাইবিলৰ যুৱক...

সম্ভেদ পালে আৰক্ষীক খবৰ দিবলৈ আহ্বান পৰিয়ালৰ

author-image
Asomiya Pratidin
New Update
নাৰায়ণপুৰলৈ গৈ সাত দিনে নিৰুদ্দেশ ধলাইবিলৰ যুৱক...

নাৰায়ণপুৰলৈ গৈ সাত দিনে নিৰুদ্দেশ ধলাইবিলৰ যুৱক...

ডিজিটেল সংবাদ জামুগুৰিহাটঃ জামুগুৰিহাটৰ ধলাইবিলৰ কেনাই তাছাৰ পুত্ৰ প্ৰভাত তাছা (৩৮) নামৰ যুৱক জন যোৱা বৃহস্পতিবাৰে নাৰায়ণপুৰত কাম কৰিবলৈ গৈ নিৰুদ্দেশ হৈছে। এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Advertisment

ইফালে আজি সাতটা দিন ধৰি নিৰুদ্দিষ্ট যুৱক জনৰ সৈতে কোনো যোগাযোগ নোহোৱাত চিন্তিত হৈ পৰিছে পিতৃ আৰু পৰিয়ালবৰ্গ৷ কোনো ব্যক্তিয়ে প্ৰভাত তাছাক প্ৰত্যক্ষ কৰিলে অথবা তেওঁৰ কোনো সম্ভেদ পালে আৰক্ষী অথবা পৰিয়ালৰ লোকক অৱগত কৰিবলৈ অনুৰোধ জনাইছে।

পৰিয়ালৰ যোগাযোগ নম্বৰ 7896968019 বুলি জনাইছে।

Also Read: ঢকুৱাখনাত মিনু দত্তৰ কাব্য গ্ৰন্থ "ভিন্ন অনুভৱৰ ছন্দ" উন্মোচন...

জামুগুৰিহাট নাৰায়ণপুৰ