তেজপুৰৰ মহাভৈৰৱত অঘটন...

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা ৷ পুনৰ এগৰাকী যুৱতীয়ে বাচি লৈছে আত্মহত্যাৰ পথ ৷ এই ঘটনা সংঘটিত হৈছে তেজপুৰৰ মহাভৈৰৱত ৷ এটা এনজিঅ’ত এগৰাকী যুৱতীয়ে আত্মহনন কৰাৰ কথা পোহৰলৈ আহিছে
তেজপুৰৰ মহাভৈৰৱত অঘটন...

ডিজিটেল ডেস্কঃ ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা ৷ পুনৰ এগৰাকী যুৱতীয়ে বাচি লৈছে আত্মহত্যাৰ পথ ৷ এই ঘটনা সংঘটিত হৈছে তেজপুৰৰ মহাভৈৰৱত ৷ এটা এনজিঅ’ত এগৰাকী যুৱতীয়ে আত্মহনন কৰাৰ কথা পোহৰলৈ আহিছে ৷

সখী নামৰ এটা এনজিঅ’ত সংঘটিত হৈছে এনে ঘটনা ৷ জমিৰুদ্দিন নামৰ এটি কিশোৰে পলুৱাই আনিছিল যুৱতীগৰাকীক ৷ মৃত যুৱতীগৰাকীৰ নাম হৈছে নাজিমা খাতুন ৷

উল্লেখ্য যে মহাভৈৰৱ আৰক্ষী চকীৰ আৰক্ষীয়ে আটক কৰিছিল দুয়োকে ৷ আটক কৰি যুৱতীগৰাকীক আৰক্ষীয়ে এনজিঅ’টোত ৰাখিছিল ৷ ইতিমধ্যেই ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী ৷

তেজপুৰৰ মহাভৈৰৱত অঘটন...
শীঘ্ৰেই গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰী নিবাস বি ভি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in