/asomiyapratidin/media/media_files/2025/01/24/kEGxPnv2G290SlJBtItY.jpg)
ডিজিটেল সংবাদ ওৰাংঃ শোণিতপুৰ জিলাৰ চিৰাজুলিত সংঘটিত হ'ল শোকাৱহ ঘটনা। নিউ হৰাইজন ইংলিছ স্কুলৰ শিক্ষক উত্তম বস্কি মহন্তৰ নিৰ্মম প্ৰহাৰত আঘাতপ্ৰাপ্ত হৈ অমন মাহাতো নামৰ সপ্তম শ্ৰেণীৰ ছাত্ৰৰ মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ উঠিছে।
অভিযোগ অনুসৰি যোৱা শনিবাৰে শিক্ষকে পাঠদান কৰি থকা অৱস্থাত দুই সহপাঠী আতিফ ইছলাম আৰু অমন মাহাতো নামৰ ছাত্ৰ জনে শ্ৰেণী কোঠাত মাৰপিট লাগিছিল। সেয়ে দুই ছাত্ৰক বিদ্যালয়খনৰ শিক্ষক উত্তম বস্কি মহন্তয়ে প্ৰহাৰ কৰি শাস্তি দিছিল।
ইয়াৰ পিছতেই যোৱা ২২ জানুৱাৰীত অমন মহাতো নামৰ ছাত্ৰ জন হঠাৎ অসুস্থ হৈ পৰে। অসুস্থ ছাত্ৰজনক পৰৱৰ্তী সময়ত তেজপুৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয়। দুৰ্ভাগ্যজনকভাৱে হাস্পতালখনত চিকিৎসাধীন হৈ থকা অৱস্থাতে ২৩ জানুৱাৰী, বৃহস্পতিবাৰে অমনে মৃত্যুক আকোৱালি লয়।
পৰিয়ালৰ অভিযোগ অনুসৰি ঢেকীয়াজুলিৰ চিৰাজুলিস্থিত নিউ হৰাইজন ইংলিছ ইস্কুলৰ শিক্ষক উত্তম বস্কি মহন্তৰ নিৰ্মম প্ৰহাৰত অমন মাহাতোৰ মৃত্যু হৈছে৷ ঘটনা সন্দৰ্ভত শিক্ষক উত্তম বস্কি মহন্ত আৰু বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে৷
ইফালে হৰাইজন ইংলিছ স্কুলৰ অধ্যক্ষ শনি বড়োৱে এই অভিযোগ সন্দৰ্ভত কয়- ''সপ্তম শ্ৰেণীৰ শ্ৰেণী কোঠাত যোৱা শনিবাৰে শিক্ষক উত্তম বস্কে মহন্তই ব্লেক ব'ৰ্ডত লিখি থকাৰ সময়তে ছাত্ৰ আতিফ ইছলাম আৰু অমন মাহাতোৱে মাৰপিট লাগিছিল৷ শিক্ষক জনে দেখা পায় দুই ছাত্ৰকে সামন্য চৰ মাৰিছিল৷ ইয়াৰ পিছতেই বিদ্যালয় চুটিৰ পিছতেই ঘৰলৈ গৈছিল দুই ছাত্ৰ৷
সেই সময়ত দুয়ো ছাত্ৰ কোনো ধৰনৰ আঘাতপ্ৰাপ্ত হোৱা নাছিল। বিদ্যালয় অধ্যক্ষগৰাকীয়ে জনোৱা মতে দেওঁবাৰে গাৱঁৰ সমনীয়াৰ সৈতে পিকনিক খাইছিল ছাত্ৰ অমন মাহাতোৱে৷ ইফালে এই ঘটনা সন্দৰ্ভত আছু, যুৱ-ছাত্ৰ পৰিষদ, ভোজপুৰী যুৱ-ছাত্ৰ পৰিষদ, নেমছু, আমছু, ৰাভা ছাত্ৰ সন্থাই প্ৰশাসনক উচিত তদন্ত কৰি দোষীক শাস্তিৰ দাবী জনায়৷
ইফালে ঢেকিয়াজুলী ৰাজহ চক্ৰ বিষয়া নয়নজ্যোতি পাঠকে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ ঘটনাৰ তদন্তৰ আশ্বাস দিয়ে। ঘটনাৰ প্ৰকৃত কাৰণ কি তদন্তহে পোহৰলৈ অহিব৷