জামুগুৰিহাটত তৃতীয় বাৰ্ষিক বাইবেল সমাৰোহৰ আয়োজন

মুকলি সভাত মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই
জামুগুৰিহাটত তৃতীয় বাৰ্ষিক বাইবেল সমাৰোহৰ আয়োজন

ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ এড়া দিকৰাই নৱপুৰত অসম লুঠাৰন পেৰিছ যুৱক সংঘৰ উদ্যোগত অনুষ্ঠিত হয় তৃতীয় বাৰ্ষিক বাইবেল সমাৰোহ ৷ তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আয়োজিত এই বাইবেল সমাৰোহৰ মঙলবাৰে অনুষ্ঠিত মুকলি সভাত মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷

অঞ্চলটোৰ কেইবা শতাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত সভাত ভাষণ প্ৰদান কৰি বিধায়কগৰাকীয়ে কয়- এই বাইবেল সমাৰোহৰ জৰিয়তে সমগ্ৰ অঞ্চলটিত আধ্যাত্মিক পৰিৱেশ গঢ় লৈ উঠিছে ৷ এনে আধ্যাত্মিক পৰিৱেশে এখন সমাজ সুস্থ সবল হিচাপে গঢ় দিয়াত অৰিহনা যোগাই আহিছে ৷ সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে উত্তৰ মূঢ়াদল গাঁও পঞ্চায়তৰ সভাপতি দিপক নেৱাৰৰ লগতে আচাম লুঠাৰণ পেৰিছ যুৱক সংঘৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়া সদস্যই ৷

জামুগুৰিহাটত তৃতীয় বাৰ্ষিক বাইবেল সমাৰোহৰ আয়োজন
মৰিগাঁৱত জিলা উন্নয়ন সমিতিৰ বৈঠক সম্পন্ন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in