বিদ্যুৎস্পৃষ্ট হৈ লাডেনৰ মৃত্যু...

শোণিতপুৰ ৰঙাপৰাৰ নিউ আদাবাৰী চাহ বাগিচাত লাডেন নামেৰে পৰিচিত বনৰীয়া হাতীটোৰ মৃত্যু ঘটে। বালিপৰাৰ নিউ আদাবাৰী চাহ বাগিচাত বনৰীয়া হাতীটো বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ঘটাত প্ৰকৃতিপ্ৰেমী ৰাইজক মৰ্মাহত কৰি তোলে।

author-image
Asomiya Pratidin
New Update
লাডেন

লাডেন Photograph: (লাডেন )

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ শোণিতপুৰ ৰঙাপৰাৰ নিউ আদাবাৰী চাহ বাগিচাত লাডেন নামেৰে পৰিচিত বনৰীয়া হাতীটোৰ মৃত্যু ঘটে। বালিপৰাৰ নিউ আদাবাৰী চাহ বাগিচাত বনৰীয়া হাতীটো বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ঘটাত প্ৰকৃতিপ্ৰেমী ৰাইজক মৰ্মাহত কৰি তোলে।

নিশা বনৰীয়া হাতীটোৱে খাদ্যৰ সন্ধান বিচাৰি চাহ বাগিচাখনত ঘূৰি থকাৰ সময়তে এটা কাৰ্যালয়ৰ কাষতে হঠাৎ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাৱটি লয়। হাতীটোৰ মৃত্যুৰ পিছত স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ ধূপ জ্বলাই আত্মাৰ চিৰশান্তি কামনা কৰে।

প্ৰকাণ্ড দঁতাল মতা বনৰীয়া হাতীটো ৰাইজৰ মাজত লাডেন নামেৰে পৰিচিত আছিল। লাডেন নামৰ বনৰীয়া হাতীটো অন্য বন্যহস্তীৰ দৰে খঙাল নাছিল। নম্ৰ স্বভাৱৰ আছিল বনৰীয়া হাতীটো।

শোণিতপুৰ