/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/g-p-singh.jpg)
ডিজিটেল সংবাদ, ওৰাং : শোণিতপুৰৰ শিতলমাৰীত প্ৰশাসনে উচ্ছেদ চলাবলগীয়া অঞ্চলত উপস্থিত বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং। বেদখলকৃত অঞ্চল পৰিদৰ্শন জি পি সিঙৰ। বেদখলকৃত ভূমিৰ পৰা উচ্ছেদৰ পূৰ্বেই ৭০ শতাংশ বেদখলকাৰী ইতিমধ্যে নিজেই আতৰি গৈছে।
বেদখলকাৰীক নিজাববীয়া কৈ আতৰি যাবলৈ আহ্বান জি পি সিঙৰ। প্ৰায় এহেজাৰ বিঘা মাটি আৰু ২৯৯ টা পৰিয়ালক চলোৱা হ'ব উচ্ছেদ। বেদখলকৃত ভূমি উচ্ছেদ কৰি সৌৰ শক্তি প্ৰকল্প স্থাপন কৰিব অসম চৰকাৰে। উচ্ছেদ প্ৰক্ৰিয়া শান্তি পূৰ্ণ হোৱাৰ আশংকা কৰিছে বিশেষ আৰক্ষী সঞ্চালক জি পি সিঙে।
উচ্ছেদৰ বাবে নিয়োগ কৰা হৈছে কেইবাগৰাকীও আৰক্ষী বিষয়া আৰু এক হাজাৰ আৰক্ষী। জেহাদীৰ গতিবিধিৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে জি পি সিঙে।