শোণিতপুৰ পূৱ বন সংমণ্ডলৰ উদ্যোগত গহপুৰত দক্ষিণাঞ্চলত সজাগতা সভা...

শোণিতপুৰ পূৱ বন সংমণ্ডলৰ উদ্যোগত গহপুৰত দক্ষিণাঞ্চলত সজাগতা সভা...

ডিজিটেল সংবাদ, ছয়দুৱাৰ: শোণিতপুৰ পূৱ বন সংমণ্ডলৰ বন প্ৰাধিকাৰী বিষয়া বিশ্বজ্যোতি দাসৰ পৰামৰ্শ আৰু পৰিকল্পনা অনুসৰি গহপুৰ মহকুমাৰ দক্ষিণাঞ্চলৰ ব্ৰহ্মপুত্ৰৰ দাঁতি কাষৰীয়া অঞ্চল সমূহত জলাশয় সংৰক্ষণ আৰু বন্যপ্ৰাণী সুৰক্ষাৰ ওপৰত কেইবাখনো সজাগতা সভা অনুষ্ঠিত হয়।ইয়াৰে প্ৰথমখন সজাগতা সভা যোৱা ২২ মে'ত অনুষ্ঠিত হয় খাৰৈপৰীয়া অঞ্চলৰ খাৰৈপাম প্ৰাথমিক বিদ্যালয়ত আৰু ২৩ মে'ত দ্বিতীয় খন সভা অনুষ্ঠিত হয় বৰতামুলী অঞ্চলৰ পাকেন ৰাজহুৱা ভৱনত।

শোণিতপুৰ পূৱ বন সংমণ্ডলৰ উদ্যোগত আৰু অঞ্চলটোৰ নৈ পৰীয়া ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা সজাগতা সভা সমূহত উপস্থিত থাকি গহপুৰ খণ্ড বন বিষয়া বাবুল মিলি, শোণিতপুৰ পূৱ বন সংমণ্ডলৰ বন পালক গোপী ছেত্ৰী,ছয়দুৱাৰ মহাবিদ্যালয়ৰ ছাত্র ৰাহুল শৰ্মা, যুৱ সমাজকৰ্মী সিংহজিৎ হাজৰিকা, যাদৱ দাস প্ৰমুখ্যে একাধিক ব্যক্তিয়ে ভাষণ প্ৰদান কৰি গহপুৰৰ দক্ষিণাঞ্চলৰ নৈ পৰীয়া অঞ্চল সমূহত থকা জলাশয় সংৰক্ষণ, পৰিভ্ৰমী চৰাইৰ উপযুক্ত সুৰক্ষা, এক এপ্ৰিলৰ পৰা ১৫ জুলাই লৈকে কণী থকা মাছ ধৰা কাৰ্য্য বন্ধ কৰা,বাৰিষা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি জলাঞ্চলত প্ৰৱেশ কৰা বন্যপ্ৰাণীক সুৰক্ষা আৰু নিৰপত্তা প্ৰদান কৰাৰ ক্ষেত্ৰত ৰাইজৰ কৰণীয় আৰু দায়িত্ব আৰু কৰ্তব্যৰ ওপৰত ৰাইজক বিস্তৃত ভাবে বুজাই কয়।

বন বিভাগে গ্ৰহণ কৰা এই পদক্ষেপ সমূহ সঠিক ৰূপায়নৰ বাবে বন বিভাগ,প্ৰশাসন আৰু গাঁৱৰ ৰাইজৰ প্ৰতিনিধিক লৈ এলেকা ভিত্তিত একোখনকৈ তদাৰক সমিতি গঠন কৰাৰ কথা উল্লেখ কৰি বন পালক গোপী ছেত্ৰীয়ে আৰু কয় যে পৰবৰ্তী সময়ত প্ৰতিটো জলাশয়ৰ সন্মুখত ৰাইজে দেখাকৈ বিভিন্ন সজাগতা মূলক বাৰ্তা লিপিবদ্ধ কৰি হ'ৰ্ডিং স্থাপন কৰা হ'ব।জৈৱ বৈচিত্ৰ্য,বন্য প্ৰাণী সুৰক্ষা আৰু প্ৰাকৃতিক পৰিৱেশক সুৰক্ষিত কৰি ৰাখিবলৈ শোণিতপুৰ পূৱ বন সংমণ্ডলৰ বন প্ৰাধিকাৰী বিশ্বজ্যোতি দাসে গ্ৰহণ কৰা এই পদক্ষেপক শলাগ লৈছে গহপুৰৰ সচেতন ৰাইজে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in