মৰিধল মহাবিদ্যালয়ত মেঘনা পাটোৱাৰীৰ ‘স্বপ্নীল আকাশ’ শীৰ্ষক গীত উন্মোচন

মৰিধল মহাবিদ্যালয়ত মেঘনা পাটোৱাৰীৰ ‘স্বপ্নীল আকাশ’ শীৰ্ষক গীত উন্মোচন

author-image
asomiyapratidin
New Update
মৰিধল মহাবিদ্যালয়ত মেঘনা পাটোৱাৰীৰ ‘স্বপ্নীল আকাশ’ শীৰ্ষক গীত উন্মোচন

ডিজিটেল সংবাদ,মৰিধল: দেওবাৰে মৰিধল মহাবিদ্যালয়ত অনুষ্ঠিত কৰা এক অনুষ্ঠানত উন্মোচন কৰা হয় মেঘনা পাটোৱাৰীৰ 'স্বপ্নীল আকাশ' শীৰ্ষক এটি গীতৰ ।

Advertisment

মহাবিদ্যালয় খনৰ হিন্দী বিভাগৰ অধ্যাপিকা ডঃ জোনালী বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয়খনৰ গ্ৰন্থাগাৰিক গুনীন দত্তই ।

ইয়াৰ পিছতে ৰিমট টিপি দৃশ্য-শ্ৰাব্য মাধ্যমৰ জৰিয়তে গীতটিৰ উন্মোচন কৰে মৰিধল মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দ্বীপেন শইকীয়াই ।

ধেমাজিৰ প্ৰতিস্থিত সংগীত শিল্পী তথা ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপক ডঃ শংকৰ পাটোৱাৰীৰ কন্যা তথা মৰিধল মহাবিদ্যালয়ৰ পঞ্চম ষাণ্ণাসিকৰ ছাত্ৰী মেঘনা পাটোৱাৰীয়ে সুৰ আৰু কণ্ঠদান কৰা গীতটোৰ কথা সৌৰভ কলিতাৰ, সংগীত মৃন্ময় কলিতাৰ ।

দৃশ্য-শ্ৰাব্য গীতটিৰ পৰিচালনা মেঘনা পাটোৱাৰী আৰু খামচেঙ দিহিঙীয়াৰ । কৰিয়'গ্ৰাফী কৰিছে খামচেঙ দিহিঙীয়াই । চিনেমাটোগ্ৰাফী মানস প্ৰতিম চাংমাই আৰু ৰাহুল শইকীয়াৰ। গীতটিত অভিনয় কৰিছে সুমিত দাস আৰু খামচেঙ দিহিঙীয়াই আৰু ভিডিঅ' এডিটিং শৰৎ চেতিয়াৰ ।

গীতটিৰ উন্মোচনী পূৰ্বে মেঘনা পাটোৱাৰীয়ে গীতটিৰ জন্মবৃত্তান্ত অৱগত কৰাৰ লগতে ৰাইজক গীতটি আদৰি ল'বলৈ আহ্বান জনায় ।

assam music