সোণাৰিত অৰ্ধ শতাধিক লোকৰ BJPত যোগদান...

ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আকৃষ্ট হৈ দেওবাৰে বিধায়ক ধৰ্ম্মেশ্বৰ কোঁৱৰৰ নেতৃত্বত বিজেপিত যোগদান কৰে অৰ্ধ শতাধিক লোকৰ

author-image
Asomiya Pratidin
New Update
সোণাৰিত অৰ্ধ শতাধিক লোকৰ BJPত যোগদান...

ডিজিটেল সংবাদ, মথুৰাপুৰ : ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আকৃষ্ট হৈ দেওবাৰে বিধায়ক ধৰ্ম্মেশ্বৰ কোঁৱৰৰ নেতৃত্বত আৰু চফ্ৰাই মণ্ডলৰ উপ-সভাপতি শংকৰ ৰবি দাসৰ তত্বাবধানত বিজেপিত যোগদান কৰে অৰ্ধশতাধিক লোকে। লালটি, টাওকাক আৰু মঞ্জুশ্ৰী চাহ বাগিছাৰ অৰ্ধশতাধিক স্থানীয় ব্যক্তি তথা এ চি এম এচৰ সভাপতি গৌৰাংগ চুনা, সম্পাদক কমল চাচনিৰ পোষকতাত বহু কেইজন বিষয়ববীয়াই ভাৰতীয় জনতা পাৰ্টী দলত বিধায়ক ধৰ্ম্মেশ্বৰ কোঁৱৰৰ ওচৰত আনুষ্ঠানিক ভাৱে যোগদান কৰে।

বিষয়ববীয়াসকল হ'ল কমল বাউৰী,সঞ্জয় খালাক, ধিৰেণ বাউৰী, সনু পান তাঁতি, জীৱন পাটনায়ক, অমিত কুজুৰ,বিনাম এক্কাৰ তথা আনলোক। উল্লেখ্য উক্ত সময়ত উপস্থিত আছিল অসম ৰাজ্যিক যুৱ মৰ্চাৰ সদস্য জ্যোতিশ কোঁৱৰ, চৰাইদেউ জিলা সংবাদ মাধ্যম বিভাগৰ আহ্বায়ক বিজয় গগৈ, ভাৰতীয় জনতা পাৰ্টীৰ অন্যান্য পিছপৰা শ্ৰেণীৰ চৰাইদেউ জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য নোমল গগৈ, ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ চৰাইদেউ জিলাৰ কোষাধ্যক্ষ বিজিত টীপমীয়া, চৰাইদেউ জিলা চাহ উন্নয়ন বৰ্ডৰ চেয়াৰমেন বল্লভ বাঘ, সক্ৰিয় কাৰ্যকৰ্তা ৰাজু দে, চুৰেণ হাজৰিকা, নবজ্যোতি চাংমাইৰ লগতে কেইবাজনো দলীয় কাৰ্যকৰ্তা।

Also Read: দক্ষিণ কামৰূপৰ কলহী নৈত সন্ধানহীন যুৱক...

charaideo sonari