সোণাপুৰৰ চৰকাৰী বৃদ্ধাশ্ৰমত ককাল ভাঙি নাচিলে ককা, আইতাই...

আত্মীয়ৰ পৰা এলাগী হৈ জীৱনৰ বিয়লি বেলাত নিজৰ আপোন ঘৰখনৰ পৰা বহু দূৰ আঁতৰি সোণাপুৰৰ বৃদ্ধাশ্ৰমত আছে বহু কেইজন ককা-আইতা। বিহুৰ আনন্দ ল'বলৈ মন থাকে তেওঁলোকৰো।

author-image
Asomiya Pratidin
New Update
সোণাপুৰৰ চৰকাৰী বৃদ্ধাশ্ৰমত ককাল ভাঙি নাচিলে ককা, আইতাই...

ডিজিটেল সংবাদ সোণাপুৰঃ বাপতি সাহোন ৰঙালী বিহুৰ সময়ছোৱাত ৰাজ্যৰ সৰ্বত্ৰে দেখা গৈছে আনন্দ উল্লাস। সকলোৱে পৰিয়ালৰ সৈতে, আত্মীয়ৰ সৈতে ৰঙালীৰ ৰঙত মতলীয়া হৈছে। তাৰ মাজতেই আত্মীয়ৰ পৰা এলাগী হৈ জীৱনৰ বিয়লি বেলাত নিজৰ আপোন ঘৰখনৰ পৰা বহু দূৰ আঁতৰি আছে বহু কেইজন ককা-আইতা।

Advertisment

বিহুৰ আনন্দ ল'বলৈ মন থাকে তেওঁলোকৰো। সেয়ে বিহুৰ বতৰত এইসকল ককা-আইতাৰ মুখত হাঁহি বিৰিঙাবলৈ ডিমৰীয়াৰ কেইবাটাও দল, সংগঠনে গ্ৰহণ কৰিলে এক ব্যতিক্ৰমী প্ৰয়াস। সোণাপুৰত চৰকাৰী বৃদ্ধা আৱাসত থকা ককা-আইতাসকলক বিহুৰ বতৰতে কিছু মৰম আৰু আনন্দ দিবৰ উদ্দেশ্যে গ্ৰহণ কৰিলে এই প্ৰয়াস।

সংগঠন কেইটাৰ নেতৃবৃন্দই সোণাপুৰ চৰকাৰী বৃদ্ধা আৱাসত উপস্থিত হৈ ঢোল, তাল, পেপাৰে এক আনন্দময় পৰিবেশ গঢ়ি তোলে।ঢোল, পেপাৰ,  মাতত নাচনীৰ সৈতে  ককাল ভাঙি  নাচিলে নিজৰ আপোন ঘৰখনৰ পৰা আঁতৰত থকা মৰমৰ  ককা, আইতাসকলে৷

উল্লেখ্য যে আন আন বছৰৰ দৰে এইবছৰো সোণাপুৰৰ  চৰকাৰী বৃদ্ধা আৱাসত  থকা ককা, আইতাসকলৰ সৈতে  ৰঙালী বিহু  উদযাপন কৰিলে ডিমৰীয়া বিকাশ মঞ্চ, আন্ত:ডিমৰীয়া আঞ্চলিক ছাত্র  সন্থা,  বৃহত্তৰ সোণাপুৰ নাগৰিক মঞ্চ,  বৃহত্তৰ ডিমৰীয়া জ্যেষ্ঠ নাগৰিক সমিতি আৰু বৃহত্তৰ সোণাপুৰ গাওঁ সুৰক্ষা সমিতিয়ে। সকলোৱে ককা, আইতাক বিহুৱান আগবঢ়াই  সেৱা জনোৱাৰ লগতে একেলগে  দৈ, চিৰা, লাড়ু, পিঠাৰ সোৱাদ লয়।

মুঠ ৫৮ গৰাকী পৰিয়ালৰ পৰা বিচ্ছিন্ন বৃদ্ধলোক থকা আশ্ৰমখনত আজি ঢোল, পেপাৰ মাতত ৰজনজনাই যোৱাৰ লগে লগে ককা আইতাসকলৰ অতীত সোঁৱৰণ কৰি নষ্টাল'জিক হৈ পৰে।

বৃদ্ধাশ্ৰম সোণাপুৰ