ডিজিটেল ডেস্কঃ মঙলবাৰে সোণাপুৰৰ কপালকাটাত সংঘটিত হয় কিশোৰ নিৰ্যাতনৰ ঘটনা। চুৰি কাৰ্যৰ অপৰাধত ইমদাদুল হুছেইন নামৰ লোকজনে নিজ পত্নীৰ সহযোগত কিশোৰজনৰ ওপৰত চলাই অকথ্য নিৰ্যাতন। কিশোৰগৰাকীৰ বয়স ১১ৰ পৰা ১২ বছৰমান হ'ব।
প্ৰথমে দম্পতীহালে কিশোৰগৰাকীক খুঁটাত বান্ধি মূৰৰ চুলি কাটি দিয়ে। তাতেই ক্ষান্ত নাথাকি কিশোৰজনৰ চকুত, মূৰত আৰু সৰ্বশৰীৰত সানি দিয়ে ভোটজলকীয়া। এই সকলো অত্যাচাৰ সহিব নোৱাৰি চিঞৰি চিঞৰি কান্দি থাকে কিশোৰজন।
পাছত ইমদাদুলে নিৰ্যাতনৰ ভিডিঅ' সামাজিক মাধ্যমত আপলোড কৰে। ইয়াৰ পাছতে স্থানীয় ৰাইজে কিশোৰজনক সোণাপুৰ থানালৈ নি আৰক্ষীক গতাই দিয়ে। জানিব পৰা মতে এই পৰ্যন্ত গ্ৰেপ্তাৰ হোৱা নাই ইমদাদুল। আনহাতে ইমদাদুলৰ পত্নীয়ে কয় যে কিশোৰজনক ভৱিষ্যতে এনে কাৰ্য নকৰিবলৈ শিক্ষা দিবৰ বাবে এইবোৰ কৰা হৈছিল। কিন্তু এই ঘটনা সন্দৰ্ভত পৰৱৰ্তী সময়ত আৰক্ষীয়ে কি ব্যৱস্থা হাতত ল'ব সেয়া হব লক্ষণীয়।