সোণাপুৰ টোলগে’টত আৰক্ষীৰ অভিযান, ট্ৰাকৰ পৰা জব্দ প্ৰায় ১ কোটি টকাৰ হেৰ'ইন...

সোণাপুৰৰ নাজিৰাখাটত হেৰ’ইন জব্দ।

author-image
Asomiya Pratidin
New Update
কৰিমগঞ্জত জব্দ ১২ কোটি টকাৰ হেৰ’ইন

sonapur drugs

ডিজিটেল ডেস্ক : সোণাপুৰৰ নাজিৰাখাটত হেৰ’ইন জব্দ। সোণাপুৰ টোলগে’টত এখন ট্রাকৰ পৰা আৰক্ষীয়ে জব্দ কৰে হেৰ'ইনখিনি। উল্লেখ্য যে মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল ট্রাকখন।

Advertisment

১৮টা চাবোনৰ কেছত হেৰ’ইনখিনি লুকুৱাই আনিছিল বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। আনহাতে, ঘটনা সন্দৰ্ভত ট্রাকখনৰ চালক হান্নানক আলীক আটক কৰে আৰক্ষীয়ে। জব্দকৃত হেৰ’ইনখিনিৰ মূল্য প্রায় ১ কোটি টকা হ'ব বুলি উল্লেখ কৰে আৰক্ষীয়ে।

আটক কৰা ট্রাক চালকজনৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে আৰম্ভ কৰে অভিযান। অভিযানত খানাপাৰাৰ পৰা আটক কৰে দুই ড্রাগছ সৰবৰাহকাৰীক। উল্লেখ্য যে দুই ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা নগদ ধন জব্দ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰীকেইটা বৰপেটাৰ লিয়াকত আলী, আনোৱাৰ হুছেইন বুলি জানিব পৰা গৈছে।

assam guwahati sonapur