জীৱনে সুধাকণ্ঠক বিচাৰি আহিছিল: সোণাপুৰ কলেজত ড০ ধনজিৎ মেধি স্মাৰক বক্তৃতা প্ৰদান তৰালী শৰ্মাৰ

জীৱনে সুধাকণ্ঠক বিচাৰি আহিছিল:
জীৱনে সুধাকণ্ঠক বিচাৰি আহিছিল: সোণাপুৰ কলেজত ড০ ধনজিৎ মেধি স্মাৰক বক্তৃতা  প্ৰদান তৰালী শৰ্মাৰ

ডিজিটেল ডেস্ক:  সোণাপুৰ কলেজৰ প্ৰতিষ্ঠাপক ভাৰপ্ৰাপ্ত অধ্যক্ষ ড০ ধনজিৎ মেধিৰ স্মৃতিত অনুষ্ঠিত হয় সোণাপুৰ কলেজ বাৰ্ষিক বক্তৃতা অনুষ্ঠান। ৩০ ছেপ্টেম্বৰ ২০২২ত ১৪ সংখ্যক সোণাপুৰ কলেজ বাৰ্ষিক বক্তৃতা অনুষ্ঠান মহাবিদ্যালয় খনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।

এই স্মাৰক বক্তৃতা অনুষ্ঠানটি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সাংস্কৃতিক ন্যাসৰ সম্পাদক মঞ্জুলা হাজৰিকাই। মহাবিদ্যালয় খনৰ অধ্যক্ষ ড০ দেৱব্ৰত খনিকৰ সঞ্চালনাত অনুষ্ঠিত স্মাৰক বক্তৃতাত ‘’ড০ ভূপেন হাজৰিকা গীত আৰু লোক জীৱনৰ স্পন্দন’’ শীৰ্ষক বক্তৃতা প্ৰদান কৰে বিশিষ্ট কণ্ঠশিল্পী তৰালী শৰ্মাই।

সুধাকণ্ঠৰ গীত আৰু জীৱনৰ সন্দৰ্ভত সুন্দৰভাৱে আলোকপাত কৰি জীৱনে সুধাকণ্ঠক কিদৰে বিচাৰি আহিছিল তাৰ বাখ্যা আগবঢ়াই তৰালী শৰ্মাই।গীতৰ মাজেৰে তেওঁ বহু ডাঙৰ কথা কৈ গৈছে । কেতিয়াবা তেওঁ অসহায়  হৈ পৰে। এই সকলোবোৰ সামৰি থৈছে সুধাকণ্ঠই তেওঁৰ গীতত। সুধাকণ্ঠৰ গীতাংশ আওৰাই প্ৰদান কৰা এই স্মাৰক বক্তৃতা সঁচাকৈয়ে আছিল বৰ মননশীল। গভীৰ ভাৱে তেওঁ কথাবোৰ কব পাৰিছিল।

এই অনুষ্ঠানটিত যথেষ্ঠ সংখ্যক বিশিষ্ট ব্যক্তি, মহাবিদ্যালয় খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত আছিল। অনুষ্ঠানটিত বৰগীতৰ আধাৰত ৰচিত নিতুমণি দাসৰ দলীয় নৃত্য, নৱনীত দাস আৰু সংগীবৃন্দৰ বৰগীত পৰিৱেশন কৰা হয়।

স্মাৰক বক্তৃতাৰ আদৰণি ভাষণত মহাবিদ্যালয়খনৰ অধ্যক্ষ দেৱব্ৰত খনিকৰে ড০ ধনজিৎ মেধিৰ কৰ্মৰাজি আৰু তেওঁৰ স্মৃতিত গঠন হোৱা ন্যাসৰ উদ্দেশ্যৰ বিষয়ে জনায়। সুধাকণ্ঠৰ গীতৰ ভাষা, সুৰ, লয় আৰু তালৰ সন্দৰ্ভত তৰালী শৰ্মাই প্ৰদান কৰা এই স্মাৰক বক্তৃতাই ড০ ভূপেন হাজৰিকাৰ গীতক লৈ এগৰাকী প্ৰতিষ্ঠিত শিল্পীৰ চিন্তা চেতনাই নতুন মাত্ৰা প্ৰদান কৰিলে। সোণাপুৰ মহাবিদ্যালয়ৰ এনে উদ্যোগক শলাগ লৈছে বিদ্বান মহলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in