সোণাপুৰ মহাবিদ্যালয়ত হিন্দী দিৱস উদযাপন...

অনুষ্ঠানত সমল ব্যক্তি হিচাপে অংশ লয় ৰাজ্যৰ এগৰাকী বিশিষ্ট সাংবাদিক ৰবিশংকৰ ৰবিয়ে

author-image
Asomiya Pratidin
New Update
সোণাপুৰ মহাবিদ্যালয়ত হিন্দী দিৱস উদযাপন...

sonapur college celebrates hindi divas

ডিজিটেল ডেস্ক : সোণাপুৰ মহাবিদ্যালয়ত শুকুৰবাৰে উদযাপন কৰা হয় হিন্দী দিৱস। সেই উপলক্ষে আয়োজন কৰা অনুষ্ঠানত সমল ব্যক্তি হিচাপে অংশ লয় ৰাজ্যৰ এগৰাকী বিশিষ্ট সাংবাদিক ৰবিশংকৰ ৰবিয়ে।

Advertisment

মহাবিদ্যালয়খনৰ হিন্দী বিভাগে আয়োজন কৰা অনুষ্ঠানটিত অনুষ্ঠিত হয় বিভিন্ন প্ৰতিযোগিতাৰ। বিজয়ী প্ৰতিযোগিসকলক পুৰস্কাৰ প্ৰদান কৰে দৈনিক পূৰ্বোদয় কাকতৰ সম্পাদক ৰবিশংকৰ আৰু মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ দেৱব্ৰত খনিকৰে।

উল্লেখ্য যে হিন্দী ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে এই দিৱস অনুষ্ঠিত কৰা হয়। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিৰ শলাগ লয় বিশিষ্ট সাংবাদিকগৰাকীয়ে।

assam sonapur college sonapur