নতুন ৰূপ লৈছে হাৰিয়ানাৰ বিজেপি নেত্ৰী সোণালী ফোগটৰ মৃত্যুৱে! প্ৰকাশ পালে মৰণোত্তৰ প্ৰতিবেদনত…

নতুন ৰূপ লৈছে হাৰিয়ানাৰ বিজেপি নেত্ৰী সোণালী ফোগটৰ মৃত্যুৱে! প্ৰকাশ পালে মৰণোত্তৰ প্ৰতিবেদনত…

author-image
asomiyapratidin
New Update
নতুন ৰূপ লৈছে হাৰিয়ানাৰ বিজেপি নেত্ৰী সোণালী ফোগটৰ মৃত্যুৱে! প্ৰকাশ পালে মৰণোত্তৰ প্ৰতিবেদনত…

ডিজিটেল ডেস্ক : দিন বাগৰাৰ লগে লগে নতুন ৰূপ ধাৰণ কৰিছে হাৰিয়ানাৰ বিজেপি নেত্ৰী তথা জনপ্ৰিয় অভিনেত্ৰী সোণালী ফোগটৰ মৃত্যুৱে । ২৩ আগষ্টত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা বুলি সন্দেহ কৰা সোণালী ফোগটৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ সৈতে  গোৱাৰ হোটেলৰ চি চি টিভিৰ দৃশ্যাংশৰ ভিত্তিত গোৱাৰ আৰক্ষী বিভাগে ফাদিল কৰে এক চাঞ্চল্যকৰ তথ্য । এক কৃত্ৰিম ঔষধ মিহলি দ্ৰব্য বলপূৰ্বকভাৱে পান কৰোৱা হৈছিল  সোণালীক । যাৰ বাবে গোৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সোণালী ফোগাটৰ ব্যক্তিগত সহায়ক সুধীৰ চাংৱান আৰু তেখেতৰ বন্ধু সুখৱিন্দৰ ৱাছিক । ইয়াৰ ওপৰিও সোণালীৰ দেহত পোৱা গৈছিল ভোটা অস্ত্ৰৰ আঘাট ।

Advertisment

চি চি টিভিৰ দৃশ্যাংশত স্পষ্টৰূপত সুখৱিন্দৰ আৰু সুধীৰে সোণালী ফোগাটক বলপূৰ্বকভাৱে ঔষধ মিহলি পানীয় সেৱন কৰোৱাৰ পাছতেই অসুস্থ হৈ পৰিছিল বিজেপি নেত্ৰীগৰাকী । এই সন্দৰ্ভত ঘন্টাজোৰা জেৰাৰ পাছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সুধীৰ আৰু সুখৱিন্দৰক ।

আনহাতে, সোণালী ফোগাটৰ ভাতৃ ৰিংকু ঢাকাই সংবাদ মাধ্যমৰ আগত দিয়া ভাষ্য অনুসৰি ২০১৯ চনৰ আদমপুৰ বিধান সভা নিৰ্বাচনত বিজেপিৰ তৰফৰ পৰা অৱতীৰ্ণ হোৱাৰ  পাছত পোন প্ৰথমবাৰৰ বাবে চিনাকী হৈছিল সুখৱিন্দৰ আৰু সুধীৰৰ সৈতে । ইয়াৰ পাছৰে পৰাই পৰিয়ালৰ লোকে বিভিন্ন সময়ত সোণালীক এই দুই ব্যক্তিৰ সৈতে  মিত্ৰতাক লৈ সকিয়াই দিছিল যে ভৱিষ্যতে ই সোণালীৰ বাবে বিপদজনক হ'ব পাৰে ।

আৰু পঢ়ক : ৰাহুল গান্ধী অপৰিপক্ক নেতা, বিভিন্ন বিস্ফোৰক মন্তব্যৰে কংগ্ৰেছ ত্যাগ গোলাম নবী আজাদৰ…

goa police bjp sonali phogat hariyana