নৃশংস! পুত্ৰ-কন্যা, পত্নীয়ে দাৰ ঘপিয়াই হত্যা কৰিলে আব্দুল মন্নাক…

নৃশংস! পুত্ৰ-কন্যা, পত্নীয়ে দাৰ ঘপিয়াই হত্যা কৰিলে আব্দুল মন্নাক…

author-image
asomiyapratidin
New Update
নৃশংস! পুত্ৰ-কন্যা, পত্নীয়ে দাৰ ঘপিয়াই হত্যা কৰিলে আব্দুল মন্নাক…

ডিজিটেল সংবাদ, মোৰাঝাৰ: হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত ৰৌৱাৰপাৰ গাঁৱত বৃহস্পতিবাৰে নিশা সংঘটিত হয় চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ নিজ পুত্ৰ-কন্যা আৰু পত্নীয়ে দাৰে ঘপিয়াই হত্যা কৰে আব্দুল মন্নান নামৰ লোকজনক।

Advertisment

পৈতৃক সম্পত্তি নিদিয়াৰ বাবেই ঘটনাটো সংঘটিত হৈছিল বুলি স্থানীয় সূত্ৰই জানিবলৈ দিয়ে।নিজ পুত্ৰ-কন্যা আৰু পত্নীয়ে অতি নিষ্ঠুৰভাবে মৰিয়াই হত্যা কৰিছিল আব্দুল মন্নানক। প্ৰথম অৱস্থাত স্থানীয় ৰাইজে ঘটনাস্থলীৰ পৰা আব্দুল মান্নানক উদ্ধাৰ কৰি হোজাই হাম হস্পিতাল লৈ যায় যদিও হাম হস্পিতালত চিকিৎসাধীন অৱস্থাত উক্ত নিশাই মৃত্যু হয় আব্দুল মন্নানৰ৷

ঘটনা সংঘটিত কৰিয়েই হত্যাকাণ্ডৰ অভিযুক্ত পুত্ৰ-কন্যা আৰু পত্নীয়ে আত্মগোপন কৰি আছিল। ঘটনা সংক্ৰান্তত মোৰাঝাৰ আৰক্ষীয়ে ১২৮/২২নম্বৰৰ গোচৰ পঞ্জীয়ন কৰি আৰম্ভ কৰিছিল তীব্ৰ অভিযান।

তাৰপাছতেই দেওবাৰে মোৰাঝাৰ আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই মোৰাঝাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় কৃষ্ণ দাসৰ নেতৃত্বত যোৱা এটা দলে ডিমাপুৰত আত্মগোপন কৰি থকা অৱস্থাত চাৰি অভিযুক্ত ক্ৰমে দুই পুত্ৰ, নজৰুল ইছলাম, ছাইদুল ইছলাম, কন্যা চাফিনা বেগম আৰু পত্নী চাইৰা বেগমক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। বৰ্তমান চাৰি অভিযুক্তক মোৰাঝাৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।

আৰু পঢ়ক: ২৪ ঘন্টাৰ ভিতৰত পুনৰ আলফা(স্বা)ত যোগদান ১০ গৰাকী যুৱক-যুৱতীৰ…

assam murder