কাজিৰঙাত জল জীৱন মিছন আঁচনিৰ নামত দুৰ্নীতিৰ অভিযোগ

অসাৰ প্ৰতিপন্ন হৈছে নেকি ৰাজ্যৰ জল জীৱন মিছন আঁচনি। জল জীৱন মিছন আঁচনিৰ বিসংগতি আৰু দুৰ্নীতি অনিয়মেই

author-image
Asomiya Pratidin
New Update
কাজিৰঙাত জল জীৱন মিছন আঁচনিৰ নামত দুৰ্নীতিৰ অভিযোগ

কাজিৰঙাত জল জীৱন মিছন আঁচনিৰ নামত দুৰ্নীতিৰ অভিযোগ

ডিজিটেল সংবাদ, কাজিৰঙা : অসাৰ প্ৰতিপন্ন হৈছে নেকি ৰাজ্যৰ জল জীৱন মিছন আঁচনি। জল জীৱন মিছন আঁচনিৰ বিসংগতি আৰু দুৰ্নীতি অনিয়মেই যেন প্ৰমাণ কৰিছে এই কথা। জল জীৱন মিছনৰ অধীনৰ বৃহত্তৰ কাজিৰঙা পানী যোগান আঁচনিৰ কাৰ্যকৰণৰ ক্ষেত্ৰতো দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে।

অভিযোগ অনুসৰি কাজিৰঙাৰ ৰঙাজানত স্থাপন কৰা জল জীৱন মিচন আঁচনিৰ পৰা আজিও বিশুদ্ধ খোৱাপানী এটুপি নাপালে অঞ্চলটোৰ ৰাইজে। ২০১৬ চনতে জনস্বাস্থ্য কাৰিকৰী বিভাগে ৰঙাজানত পানী যোগান আঁচনি স্থাপন কৰিছিল যদিও জৰাজীৰ্ণ হৈ পৰি ৰৈছিল পানী যোগান আঁচনিৰ টেংকি আৰু অন্যান্য আচবাব।

কিন্তু অভিযোগ অনুসৰি সেই আঁচনিকে জল জীৱন মিছন নামেৰে পুনৰ নবীকৰণ কৰি সজাই পৰাই তোলা হৈছে। শেহতীয়াকৈ ৰঙাজানত পানী যোগান আঁচনিটো কাৰ্যক্ষম হ'ল ঠিকেই কিন্তু কেৱল ঘোলাপানীহে যোগান ধৰিবলৈ সক্ষম হ'ল বিয়াগোম জনস্বাস্থ্য কাৰিকৰী বিভাগে।

চাহ জনজাতি অধ্যুষিত অঞ্চলটোত দীৰ্ঘদিনে বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈ আছে লোকসকল। সকলোৱে আশা কৰিছিল জল জীৱন মিচন আঁচনিৰ জৰিয়তে লাভ কৰিব বিশুদ্ধ খোৱাপানীটুপি কিন্তু বোকাখাত জনস্বাস্থ্য বিভিাগৰ অভিযন্তা,ঠিকাদাৰৰ মিতিৰালিত সেই আশা পূৰণ নহ'ল অঞ্চলবাসীৰ‌।

বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰি এই আঁচনিৰ ক্ষেত্ৰত এই কথাই যেন প্ৰতিয়মান হৈছে। বোকাখাত সমষ্টিৰ চাহ বাগিচা অঞ্চলসমূহত স্থাপন কৰা জল জীৱন মিছন আঁচনিৰ নামত সংঘটিত বিয়াগোম কেলেংকাৰী সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ দাবী ৰাইজৰ।

আৰু পঢ়কঃ নুমলীগড় শোধানাগাৰৰ মুখ্যদ্বাৰত ব্যতিক্ৰমী প্ৰতিবাদ

jal jibon mission assam govt assam public health