দেৰগাঁৱৰ আফাজুৰ ৰহমানৰ প্ৰযুক্তিবিদ্যাৰে চমকঃ ঘন্টাত ৩৫ কিলোমিটাৰ বেগী সৌৰশক্তিত চালিত বাহন উদ্ভাৱন

দেৰগাঁৱৰ আফাজুৰ ৰহমানৰ প্ৰযুক্তিবিদ্যাৰে চমকঃ ঘন্টাত ৩৫ কিলোমিটাৰ বেগী সৌৰশক্তিত চালিত বাহন উদ্ভাৱন

author-image
asomiyapratidin
New Update
দেৰগাঁৱৰ আফাজুৰ ৰহমানৰ প্ৰযুক্তিবিদ্যাৰে চমকঃ ঘন্টাত ৩৫ কিলোমিটাৰ বেগী সৌৰশক্তিত চালিত বাহন উদ্ভাৱন

ডিজিটেল সংবাদ, কাকডোঙাঃ অসমত প্ৰতিভাৰ যেন অভাৱ নাই। একান্ত প্ৰচেষ্টাৰ ফলশ্ৰুতি অসমৰ নৱ প্ৰজন্মই দেশৰ প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখন দপদপাই অহৰহ অৰিহণা যোগাইছে। চহৰ নগৰ বুলি কথা নাই গাঁও সমূহৰ পৰাও প্ৰযুক্তিবিদা সৃষ্টি হৈছে অসমত। ঠিক তেনে এক ব্যতিক্ৰম হিচাপে গোলাঘাট জিলাৰ দেৰগাঁও ৰাজহ চক্ৰ অন্তগৰ্ত বালিবাট গাঁৱৰ আফাজুৰ ৰহমানে সৌৰশক্তিত চলিৱ পৰা চাৰি চকীয়া বাহন উদ্ভাৱন কৰি চমক সৃষ্টি কৰে অঞ্চলটোত।

Advertisment

মঙলবাৰে বিশিষ্ট বিজ্ঞানী চৌধুৰী নাথ শইকীয়াৰ উপস্থিতত নিজ মাতৃৰ দ্বাৰা ফিটা কাটি উদ্বোধন কৰে সৌৰচালিত বাহনখন। দিনৰ ভাগত অবিৰাম গতিত ঘন্টাত ৩৫ কিলোমিটাৰ বেগত চলিব পৰা বাহন খন নিশা ৬ ঘন্টা চলিব পাৰিব। প্ৰায়ে এবছৰ যোৰা অহৰহ চেষ্টা আৰু ১ লাখ ৩০ হেজাৰ ধন খৰছ কৰি নিৰ্মাণ কৰি উলিওৱা হৈছে বাহনখন।

সৌৰচালিত তথা মবাইল অপাৰেটিঙৰ দ্বাৰা পাৰ্কিং কৰাৰ সুবিধা থকা বাহনখন পিতৃ প্ৰয়াত আজিজ ৰহমানৰ নামত উৎসৰ্গা কৰে আফাজুৰে। প্ৰৱল উদ্ভাবনী শক্তিৰ অধিকাৰী আফাজুৰে সৰুৰে পৰা বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰি অহাৰ মাজতে এটা বছৰৰ পূৰ্বে পেলনীয়া সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মাণ কৰিছিল এটা অত্যাধুনীক ৰৱট।