সামাজিক প্ৰগতীৰ সূচীত দেশৰ অন্তিম তিনি ৰাজ্যত অসম

সামাজিক প্ৰগতীৰ সূচীত দেশৰ অন্তিম তিনি ৰাজ্যত অসম

ডিজিটেল ডেস্ক : দেশৰ প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতাক দিয়া প্ৰতিবেদনত প্ৰকাশ পালে ভয়ংকৰ তথ্য । সততেই উন্নতিৰ দিশে বুলি ৰাজ্যবাসীক কেৱল উদযাপন সংস্কৃতিত মতলীয়া কৰি অহা ৰাজ্য চৰকাৰৰ সকলো দাবীক নেওচি প্ৰকাশ পালে এই তথ্য ।

এই তথ্য অনুসৰি সামাজিক প্ৰগতিৰ সূচীত দেশৰ অন্তিম তিনিখন ৰাজ্যৰ ভিতৰত আছে অসম । দেশৰ শ্ৰেষ্ঠ ৫ খন ৰাজ্যৰ ভিতৰৰ এখনৰূপে অসমক গঢ় দিয়াৰ টোপত ৰাজ্যবাসীক বন্দী কৰি থোৱাৰ সময়তেই সামাজিক প্ৰগতিৰ সূচীত প্ৰতিফলিত হ'ল ৰাজ্যখনৰ এই দুৰ্দশা ।

এই সূচীত অসমৰ পাছত আছে কেৱল বিহাৰ আৰু ঝাৰখণ্ড হে । মাওবাদী, অত্যাধিক অপৰাধ, সমাজ সংস্কাৰে ঢুকি নোপোৱাকৈ সমস্যাই জুৰুলা কৰি যোৱা বিহাৰ আৰু ঝাৰখণ্ড । কেৱল এই দুখন ৰাজ্যৰ ওপৰত আছে বিজেপি শাসনাধিষ্ঠ অসম ।

উল্লেখ্য যে, দেশৰ সামাজিক প্ৰগতিক ৰাষ্ট্ৰীয় তথা ৰাজ্যিক পৰ্যায়ত বিশ্লেষণ কৰাৰ এক মাধ্যম হিচাপে এই সূচীক গণ্য কৰা হয় । সামাজিক প্ৰগতিৰ অতি গুৰুত্বপূৰ্ণ তিনিটা দিশত বাৰটা উপাদানেৰ আধাৰত এই সূচীয়ে ৰাজ্য তথা জিলা সমূহৰ সামাজিক প্ৰগতিৰ বিশ্লেষণ কৰে । এই তিনিটা গুৰুত্বপূৰ্ণ দিশ হৈছে ক্ৰমে মানুহৰ মৌলিক প্ৰয়োজনীয়তা, কল্যাণৰ অৰ্থে গঢ় দিয়া ভেটি আৰু সুযোগ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in