৬ বছৰৰ পাছত ছ’চিয়েল মিডিয়াত পৰিয়ালে দেখা পালে গহপুৰৰ জেকিক…

৬ বছৰৰ পাছত ছ’চিয়েল মিডিয়াত পৰিয়ালে দেখা পালে গহপুৰৰ জেকিক…

author-image
asomiyapratidin
New Update
৬ বছৰৰ পাছত ছ’চিয়েল মিডিয়াত পৰিয়ালে দেখা পালে গহপুৰৰ জেকিক…

ডিজিটেল সংবাদ, ছয়দুৱাৰ : বিশ্বনাথ জিলাৰ গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰজাবাৰীৰ ১নং চকলাৰ এজন যুৱক। কামৰ সন্ধানত ঘৰৰ পৰা ৬ বছৰৰ পূৰ্বে ওলাই গৈছিল যুৱকজন। কিন্তু কাম বিচাৰি ওলাই যোৱাৰ দিন ধৰি কোনো সম্ভেদ পোৱা নাই জেকি পেগু টাইড নামৰ যুৱকজনৰ।

Advertisment

পৰিয়াল তথা আত্মীয় স্বজনে যুৱকজনৰ সম্ভেদ উলিয়াবলৈ বহু চেষ্টা কৰিছিল যদিও কোনো শুংসূত্ৰ নাপালে জেকিৰ। এনেদৰে দিনৰ পিছত দিন বাগৰি ছবছৰ অতিক্ৰম কৰাৰ পিছত হঠাৎ ছ'চিয়েল মিডিয়াত অতি দুখজনক অৱস্থাত ভাইৰেল হৈ পৰিল জেকি পেগু।

এইক্ষেত্ৰত পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ আগত কয় যে যোৱা তিনি চাৰিদিন পূৰ্বে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল এজন যুৱকৰ এটা হৃদয় বিদাৰক ভিডিঅ'। দুয়োখন হাতত শিকলিৰে বান্ধি থোৱা অৱস্থাৰেই এখন হোটেলত ভাত খাবলৈ দিয়া ভিডিঅ'টোত স্পষ্ট হৈ আছে।

 প্ৰথম অৱস্থাত ভিডিঅ'টোত থকা যুৱকজনৰ নাম ঠিকনা সম্পৰ্কত কোনো ধৰণৰ তথ্য জানিব পৰা হোৱা নাছিল যদিও পৰবৰ্তী সময়ত ভিডিঅ'টো ভালদৰে প্ৰত্যক্ষ কৰি যুৱকজন ৰজাবাৰীৰ এক নং চকলাৰ জেকি পেগু টাইড বুলি নিশ্চিত হয়।

দুখন হাত শিকলিৰে বান্ধি জেকিক হোটেলত ভাত খাবলৈ কিয় দিয়া হৈছে সেই কথা ভিডিঅ'টোত উল্লেখ নাই। তদুপৰি কোনে কি পৰিস্থিতিত আৰু কিয় সেই স্থানলৈ নিলে সেই বিষয়েও ভিডিঅ'টোত একো উল্লেখ নাই।

যাৰ বাবে যুৱকজনৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই পৰিয়ালৰ লোকে। পৰিয়ালৰ লোকে সকলোকে জেকি টাইড পেগু কোন স্থানত আছে তাৰ সম্ভেদ দিবৰ 9435822714 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায়৷

আৰু পঢ়ক : হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত ত্ৰিৰঙ্গা বিক্ৰী কেন্দ্ৰ মুকলি…

assam social media himanta biswa sarma guwahati Assam police