দোকানত নাই সাৰ, ৰান্ধনীঘৰত মজুত কৰি ৰাখে ক’লা ব্যৱসায়ীয়ে…

দোকানত নাই সাৰ, ৰান্ধনীঘৰত মজুত কৰি ৰাখে ক’লা ব্যৱসায়ীয়ে…

author-image
asomiyapratidin
New Update
দোকানত নাই সাৰ, ৰান্ধনীঘৰত মজুত কৰি ৰাখে ক’লা ব্যৱসায়ীয়ে…

ডিজিটেল সংবাদ ডবকাঃ আজি এক গোপন সূত্ৰৰ পম খেদি ডবকা আৰক্ষীয়ে ডবকাৰ পশ্চিম জাৰুণীৰ গাঁৱত এক অভিযান চলায় ৷ এই অবিযানত আৰক্ষীয়ে ৪০ বস্তাইউৰীয়া আৰু আন ৰাসয়নিক সাৰ জব্দ কৰে। আৰক্ষীৰ এই অবিযান চলিছিল মাচুম আহমেদ নামৰ লোকজনৰ ঘৰত।

উল্লেখ্য যে মাচুম আহমেদে অবৈধভাৱে তেওঁৰ ৰান্ধনীঘৰত মজুত কৰি ৰাখিছিল জব্দকৃত সাৰখিনি। অৱশ্যে এই অভিযানৰ আগতিয়া উমান লাভ কৰি মাচুম আহমেদ নামৰ লোকজনে ঘৰৰ পৰা পলায়ন কৰে ৷

ইফালে অভিযানকাৰী আৰক্ষীয়ে সাৰখিনি জব্দ কৰি কৃষি বিভাগক পৰীক্ষাৰ বাবে মাতে যদিও বহু পলমকৈ কৃষি বিভাগৰ লোক উপস্থিত হোৱাৰ অভিযোগ উঠিছে৷ কেইবা ঘণ্টাৰ অপেক্ষাৰ পিছত হে আৰক্ষীক এই সাৰ অবৈধ বুলি জনাই তেওঁলোকে।

উল্লেখযোগ্য যে, কৃষি বিভাগৰ অমনোগীতাৰ বাবে দুষ্ট চক্ৰই অনায়াসে ক'লা বজাৰত চৰা দামত বিক্ৰি কৰি আহিছে ইউৰীয়া সাৰ ৷ ইফালে যোৱা কিছুদিন ধৰি হোজাই জিলাৰ বিভিন্ন স্থানত ইউৰীয়া সাৰৰ নাটনি হৈ আছিল ৷ মঙ্গলবাৰে ডবকা বজাৰৰ ইউৰীয়া সাৰ ক্ৰয় কৰিবৰ বাবে পুৱতি নিশাৰে পৰা সহস্ৰাধিক কৃষকে বোন্দাপৰ দি আছিল ৷