তামুলপুৰত হাতীৰ দাঁতসহ সৰবৰাহকাৰী আটক

তামুলপুৰত হাতীৰ দাঁতসহ সৰবৰাহকাৰী আটক

author-image
Asomiya Pratidin
New Update
তামুলপুৰত হাতীৰ দাঁতসহ সৰবৰাহকাৰী আটক

ডিজিটেল সংবাদ, তামুলপুৰঃ তামুলপুৰ জিলাৰ কুমাৰীকাটা ৰেঞ্জৰ বন বিভাগৰ অভিযানত পুনৰ হাতীৰ দাঁতসহ আটক এগৰাকী সৰবৰাহকাৰী। গোপন সূত্ৰৰ ভিত্তিত কুমাৰীকাটা বনাঞ্চলিক বিষয়া বীৰেন চন্দ্ৰ বড়োৰ নেতৃত্বত ২৪ বাহিনী এছ এছ বীৰ সৈতে চলোৱা যৌথ অভিযানত হাতীৰ দাঁতসহ আটক স্বনেশ্বৰ সূত্ৰধৰ নামৰ এজন সৰবৰাহকাৰী।

Advertisment

প্ৰায় দুই কিলো ওজনৰ হাতীৰ দুয়োটা দাঁত বিক্ৰী কৰাৰ লক্ষ্যৰে স্বনেশ্বৰ সূত্ৰধৰে লৈ অনাৰ সন্দেহ। কুমাৰীকাটাৰ কালা নৈৰ পাৰৰ পৰা আটক লোক গৰাকীক।আজি আইনী ব্যৱস্থাৰে কৰ্টত হাজিৰ কৰোৱা হ'ব সৰবৰাহকাৰী গৰাকীক।কিছুদিন পূৰ্বেও বন বিভাগে তামুলপুৰত অভিযান চলাই হাতীৰ দাঁত সহ আটক কৰিছিল আন এজন লোকক।

Also Read: আজি ট্ৰেক্টৰ লৈ 'দিল্লী চলো' যাত্ৰা কৰিব প্ৰতিবাদকাৰী কৃষকে...