১২৮বছৰীয়া নগাঁও নাট্য সমিতিৰ নতুন খোজ : দুদিনীয়াকৈ সদৌ অসম প্ৰাইজমাণি একাঙ্কিকা নাট প্ৰতিযোগিতা

১২৮বছৰীয়া নগাঁও নাট্য সমিতিৰ নতুন খোজ : দুদিনীয়াকৈ সদৌ অসম প্ৰাইজমাণি একাঙ্কিকা নাট প্ৰতিযোগিতা

ডিজিটেল সংবাদ,নগাঁও : ঐতিহ্যমণ্ডিত নগাঁও নাট্য সমিতিয়ে পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰিছে একাঙ্কিকা নাট প্ৰতিযোগিতা। ২১ডিচেম্বৰৰ পৰা দুদিনীয়াকৈ আৰম্ভ হোৱা এই প্ৰতিযোগিতাখনিত ইতিমধ্যে ১৪টা দলে অংশগ্ৰহণ কৰিছে।

প্ৰথমদিনা সন্ধিয়া নৱজ্যোতি বৰাৰ 'বলুকাত বিয়লি বেলা',জ্যোতি প্ৰসাদ ভূঞাৰ 'মই এটি দিনৰ জোনাকী' আৰু নয়নমণি লস্কৰৰ 'অচিন পথৰ আপোন পথিক' এই তিনিখনি নাট মঞ্চস্থ হয়। উল্লেখযোগ্য যে প্ৰতিযোগিতা আৰম্ভ হোৱা আগেয়েই নাট্য সমিতিৰ স্বৰ্গীয় হোৱা সদস্যৰ পত্নী-পুত্ৰ আৰু জীয়ৰীক সম্ভাষণ জনোৱা দৃশ্য আছিল মোহনীয়।

আনসকলৰ লগতে নাট্য মন্দিৰৰ একালৰ ভূমিদাতা কুশ শৰ্মাৰ নাতি বোৱাৰী অঞ্জনা শৰ্মা,এসময়ৰ নেহৰুবালিৰ ভোগালী বিহুৰ হাঁহিৰ থূনপাক খিল শৰ্মাৰ পুত্ৰ দিলীপ শৰ্মা, যুক্তিনাথ খাউণ্ডৰ পত্নী পোনা খাউণ্ড,জীৱবালা গোস্বামীৰ পুত্ৰ মুনীন্দ্ৰ গোস্বামী,হৰেশ্বৰ গোস্বামীৰ পুত্ৰ সপোন গোস্বামী,সুশীল শৰ্মাৰ পত্নী মিনতি শৰ্মা,সোণমণি বেজবৰুৱাৰ মাতৃ জুনু বেজবৰুৱা শুভাকাংক্ষী নন্দু প্ৰজাপতক এখনিকৈ ফুলাম গামোচাৰে আদৰণি জনােৱা হয় ।

উল্লেখযোগ্য যে দুয়ো দিনৰ নাট্যমঞ্চ উছৰ্গা কৰা হৈছে ক্ৰমান্বয়ে ৰামকুমাৰ ভট্টাচাৰ্য আৰু দেৱেশ্বৰ বৰঠাকুৰৰ নামত। আনহাতে প্ৰতিযোগিতাৰ বিচাৰকৰ আসন অলংকৃত কৰিছে অসীম কুমাৰ নাথ, মনোজ শইকীয়া আৰু চিমি গোস্বামীয়ে । প্ৰতিযোগিতা উদ্বোধন কৰে কাণু বেজবৰুৱাই। মঞ্চত সমিতিৰ সভাপতি নিৰঞ্জন শৰ্মাকো আদৰণি জনোৱা হয়। আদৰণি পৰ্বৰ আঁত ধৰে অলকমণি ভট্টাচাৰ্য্যই।

১২৮বছৰীয়া নগাঁও নাট্য সমিতিৰ নতুন খোজ : দুদিনীয়াকৈ সদৌ অসম প্ৰাইজমাণি একাঙ্কিকা নাট প্ৰতিযোগিতা
ধিং মহাবিদ্যালয়ৰ সৌজন্যত ৭দিনীয়া শৈক্ষিক উন্নয়নৰ কাৰ্যক্ৰমৰ সামৰণি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in