মথুৰাপুৰত জলজীৱন আচঁনিৰ কাম লেহেমীয়া হোৱা অভিযোগ

জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান ৰাইজৰ

author-image
Asomiya Pratidin
New Update
মথুৰাপুৰত জলজীৱন আচঁনিৰ কাম লেহেমীয়া হোৱা অভিযোগ

ডিজিটেল সংবাদ, চৰাইদেউ : চৰাইদেউ জিলাৰ সমান্তৰালভাৱে মথুৰাপুৰস্থিত বিভিন্ন প্ৰান্তত জনস্বাস্থ‍্য কাৰিকৰী বিভাগৰ অধীনত জল জীৱন মিছনৰ কাম চলন্ত গতি আছে যদিও আঁচনিৰ নিৰ্মাণৰ কাম একাংশ ঠিকাদাৰে লেহেমীয়া গতিত চলাই থকাৰ বাবে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে স্থানীয় ৰাইজে।

Advertisment

উল্লেখযোগ্য যে মাহমৰা সমষ্টিৰ অন্তগৰ্ত মথুৰাপুৰ মানিয়াহোলা অঞ্চলত জলজীৱন আচঁনিৰ অধীনত নিৰ্মাণ চলি থকা পানী যোগান আঁচনি খনে মথুৰাপুৰ তিনিআলিক সামৰি লৈছে। কিন্তু পানী যোগান আঁচনিখনৰ নিৰ্মাণ কাৰ্যত জড়িত ঠিকাদাৰে শামুকীয়া গতিত নিৰ্মাণ কাৰ্য চলাই থকা দেখি স্থানীয় ৰাইজ অতিষ্ঠ হৈ পৰিছে।

বৰ্তমান এই খৰালি মাহকেইটাত এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে উক্ত অঞ্চলৰ ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে। আজি এবছৰে পানী যোগান আঁচনিৰ নিৰ্মাণৰ কাম ঠিকাদাৰে লেহেমীয়া গতিত চলাই থকাৰ বাবে ৰাইজ ক্ষোভিত হৈ যোৱা ২ ফেব্ৰুৱাৰী জিলাৰ উপায়ুক্তক লিখিত অভিযোগ দাখিল কৰিছে ৰাইজে ৷

আৰু পঢ়ক : ভূপেন বৰাক তলব AICC ৰ

jal jeevan mathurapur