৩ মাহ ধৰি সন্ধানহীন উমেশ, অৱশেষত ঘৰৰ শৌচাগাৰৰ গাঁতত উদ্ধাৰ কংকাল…

৩ মাহ ধৰি সন্ধানহীন উমেশ, অৱশেষত ঘৰৰ শৌচাগাৰৰ গাঁতত উদ্ধাৰ কংকাল…

author-image
asomiyapratidin
New Update
৩ মাহ ধৰি সন্ধানহীন উমেশ, অৱশেষত ঘৰৰ শৌচাগাৰৰ গাঁতত উদ্ধাৰ কংকাল…

ডিজিটেল ডেস্ক: কলিয়াবৰৰ কুঠৰী নজানত চাঞ্চল্যকৰ ঘটনা। বৃহস্পতিবাৰে শৌচাগাৰৰ গাঁতত উদ্ধাৰ হয় এজন পুৰুষৰ কংকাল ।

Advertisment

কংকালটো নজানৰ উমেশ বৰাৰ বুলি সন্দেহ কৰা হৈছে। লোকজনৰ ঘৰৰ চৌহদৰ শৌচাগাৰৰ গাঁততে উদ্ধাৰ কংকালটো।

প্ৰায় ৩ মাহ ধৰি সন্ধানহীন হৈ আছিল লোকজন । এই সন্দৰ্ভত পত্নীয়ে আৰক্ষীক দিছিল লোকজনৰ নিৰুদ্দেশৰ খবৰ । কিন্তু সন্ধান পোৱা নাছিল লোকজনৰ।

পত্নীয়ে লোকজনক হত্যা কৰি শৌচাগাৰৰ গাঁতত পুতি থোৱাৰ সন্দেহ স্থানীয় ৰাইজে। কংকালটো উদ্ধাৰ হোৱাৰ পাছতেই স্থানীয় আৰক্ষীয়ে পত্নী ৰীতা বৰাৰ লগতে বৰ জীয়ৰীকো সোধাপোছাৰ বাবে আটক কৰি তদন্ত আৰম্ভ কৰিছে।

আৰু পঢ়ক: নগাঁৱত পৰিবহন বিভাগে ধৰিলে চোৰাং বালিৰ ডাম্পাৰ

assam Skeleton kaliabor