ডিজিটেল ডেস্কঃ অশান্ত মণিপুৰৰ জিৰিবাম জিলাৰ পৰা ৫ দিন পূৰ্বে অপহৃত হোৱা ৩ গৰাকী মহিলা আৰু তিনিটা শিশু যাৰ ভিতৰত এটি ৮ মহীয়া দেৱ শিশুও আছিল, তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰিছে।
এই সন্দৰ্ভত মণিপুৰ চৰকাৰৰ এগৰাকী শীৰ্ষ বিষয়াই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে শুকুৰবাৰে নিশা এইসকলৰ মৃতদেহ অসমৰ শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। শিলচৰৰ মেডিকেল কলেজ হাস্পতালৰ মৰ্গত এই মৃতদেহ কেইটা ৰখা হৈছে।
প্ৰথমে অপহৰণ আৰু তাৰ পাছত মৃত অৱস্থাত উদ্ধাৰ হোৱা এই মহিলা আৰু শিশু কেইটা মেইটেই সম্প্ৰদায়ৰ। তেওঁলোকক যোৱা সোমবাৰে সন্দেহজনক কুকি বিদ্ৰোহীৰ দ্বাৰা অপহৰণ কৰা হৈছিল।
শিলচৰ মেডিকেল কলেজ হাস্পতালৰ সূত্ৰত প্ৰকাশিত খবৰ মতে শুকুৰবাৰে প্ৰথমে তিনিগৰাকী মহিলাৰ মৃতদেহ তালৈ অনা হৈছিল। এই মৃতদেহ তিনিওটা বয়স্ক মহিলাৰ।
আজি পুৱা আৰু তিনিটা মৃতদেহ হাস্পতালখনৰ মৰ্গলৈ অনা হৈছে। মৃতদেহ কেইটা ইতিমধ্যে ফুলিবলৈ আৰম্ভ কৰিছে। অৱশ্যে এতিয়ালৈকে মৃতদেহ কেইটা চিনাক্ত কৰা হোৱা নাই।
উল্লেখ্য যে, মণিপুৰ চৰকাৰৰ কৰ্মচাৰী লেচাৰাম হিৰোজিতৰ দুই সন্তান, পত্নী, শাহু আৰু পত্নীৰ ভগ্নীক সন্দেহযুক্ত কুকি বিদ্ৰোহীয়ে অপহৰণ কৰিছিল। মৃতদেহ উদ্ধাৰৰ পাছত আজি তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে, এতিয়ালৈকে মৃতদেহ কেইটা প্ৰত্যক্ষ কৰিব পৰা নাই।
শিলচৰ মেডিকেল কলেজ হাস্পতালৰ মৰ্গ জিৰিবাম জিলাৰ সীমান্তৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ নিলগত আছে। সূত্ৰত প্ৰকাশিত খবৰ মতে প্ৰথমে ৩টা মৃতদেহ শুকুৰবাৰে সন্ধিয়া ৭ বজাত মৰ্গলৈ অনা হৈছিল।
উল্লেখ্য যে, প্ৰায় ৫ দিন পূৰ্বে জিৰিবাম জিলাত কুকি বিদ্ৰোহীৰ এটা দলে মেইটেই সম্প্ৰদায়ৰ মহিলা আৰু শিশুক বৰোবেৰা অঞ্চলত বন্দী কৰি ৰাখিছিল। তাৰ মাজতেই কুকি বিদ্ৰোহী আৰু চি আৰ পি এফ বাহিনীৰ মাজত এক সংঘৰ্ষৰ সূত্ৰপাত হয়।
এই সংঘৰ্ষত ১০ জনকৈ কুকি বিদ্ৰোহী নিহত হয়।
সেইদিনা অঞ্চলটোত অগ্নি সংযোগ আৰু এনকাউণ্টাৰ হোৱাৰ খবৰ তেওঁক পত্নীয়ে ফোন যোগে দিছিল। পত্নীৰ সৈতে ফোনত কথা পাতি থকাৰ সময়তে ফোনটোৰ সংযোগ বিচ্ছিন্ন হৈছিল আৰু তাৰ পাছত তেওঁ বহুবাৰ চেষ্টা কৰিও ফোন পুনৰ সংযোগ কৰিব নোৱাৰিলে বুলিও জনাইছে।
পত্নীৰ সৈতে অন্তিম বাৰ ফোনত কথা পতাৰ সময়ত হেনো পত্নীয়ে তেওঁক কান্দি কান্দি কৈছিল তেওঁলোকক হাতত অস্ত্ৰলৈ থকা বহু লোকে ঘেৰি ধৰিছে।
ইফালে সোমবাৰৰ এনকাউণ্টাৰৰ পাছতে কুকি সম্প্ৰদায়ৰ লোকসকলে দাবী কৰিছে চি আৰ পি এফৰ গুলীত যি ১০ জন কুকি লোকৰ মৃত্যু হ’ল তেওঁলোক বিদ্ৰোহী সংগঠনৰ সদস্য নাছিল। তেওঁলোক কুকি ভলিণ্টিয়াৰহে আছিল।
অৱশ্যে চি আৰ পি এফ আৰু মণিপুৰ আৰক্ষীয়ে কুকি সম্প্ৰদায়ৰ লোকসকলৰ এই দাবীক নস্যাৎ কৰিছে। তেওঁলোকে জনোৱা মতে ঘটনাস্থলীৰ পৰা বহু পৰিমাণৰ অস্ত্ৰ, শস্ত্ৰ উদ্ধাৰ কৰা হৈছে।
ইফালে আজি শিলচৰ মেডিকেল কলেজ হাস্পতালৰ মৰ্গত সোমবাৰৰ পৰা থকা কুকি বিদ্ৰোহী ১০ জনৰ মৃতদেহ চূড়চান্দপুৰলৈ লৈ যাবলৈ ওলোৱাৰ সময়তে শিলচৰ মেডিকেল কলেজ হাস্পতালৰ সন্মুখত একাংশ কুকি লোকে প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে এই ১০ জন লোক কুকি ভলণ্টিয়াৰ্ছ আছিল বুলি এই প্ৰতিবাদৰ জৰিয়তে সৱল দাবী কৰিছে।
তেওঁলোকে এই মৃতদেহসমূহ শিলচৰতে কুকি সম্প্ৰদায়ৰ হাতত গতাই দিয়াৰো দাবী উত্থাপন কৰে। তেওঁলোকে বিচাৰিছিল এই মৃতদেহসমূহ চুবুৰীয়া মিজোৰামলৈ লৈ যাব আৰু তাতেই নিয়ম অনুসৰি শেষকৃত্য সম্পন্ন কৰিব।
কুকিসকলৰ এনে প্ৰতিবাদত উপায়ন্তৰ হৈ অসম আৰক্ষীয়ে পৰৱৰ্তী সময়ত শক্তি প্ৰয়োগ কৰিবলৈয়ো বাধ্য হয়। এনে উত্তপ্ত পৰিস্থিতিৰ মাজতে মণিপুৰ আৰক্ষীক চমজাই দিয়ে ১০ কুকি বিদ্ৰোহীৰ মৃতদেহ। জানিব পৰা মতে এই ঘটনাৰ পাছতে অসম আৰক্ষীয়ে শিলচৰত হাই এলাৰ্ট জাৰি কৰিছে।