বাংলাদেশ সীমান্তত পুনৰ সক্ৰিয় গো-মাফিয়াঃ গৃহৰক্ষী জোৱানসহ ৬ জনক গ্ৰেপ্তাৰ...

গোমাতা সুৰক্ষাৰ বাবে চৰকাৰে যিমানেই পদক্ষেপ গ্ৰহণ নকৰক কিয়, বাংলাদেশ সীমান্তবৰ্তী মানকাচৰত গৰুৰ চোৰাং কাৰবাৰ ধাৰাবাহিকভাৱে চলিয়ে আছে। পুনৰ গ্ৰেপ্তাৰ হৈছে ৬ সৰবৰাহকাৰী।

author-image
Asomiya Pratidin
New Update
বাংলাদেশ সীমান্তত পুনৰ সক্ৰিয় গো-মাফিয়াঃ গৃহৰক্ষী জোৱানসহ ৬ জনক গ্ৰেপ্তাৰ...

ডিজিটেল সংবাদ মানকাচৰঃ গোমাতা সুৰক্ষাৰ বাবে চৰকাৰে যিমানেই পদক্ষেপ গ্ৰহণ নকৰক কিয়, বাংলাদেশ সীমান্তবৰ্তী মানকাচৰত গৰুৰ চোৰাং কাৰবাৰ ধাৰাবাহিকভাৱে চলিয়ে আছে। কিছুদিনৰ বাবে জিলাখনত চোৰাং কাৰবাৰ কিছু পৰিমানে কমিছিল যদিও জিলাখনত পুনৰ সক্ৰিয় হৈছে গোমাফিয়া।

Advertisment

আৰক্ষী-বিএছএফৰ চকুত ধূলি দি প্ৰতিদিনে বাংলাদেশলৈ সৰবৰাহ হয় শ শ চোৰাং গৰু। গোপন সূত্ৰৰ ভিত্তিত মানকাচৰৰ সুখচৰ থানা এলেকাৰ অধীনস্থ বেৰাভাঙাত নিশা দুগৰাকী DSP ৰ নেতৃত্বত এদল আৰক্ষীয়ে চোৰাং সৰবৰাহৰ বিৰুদ্ধে তীব্ৰ অভিযান চলায়।

আৰক্ষীৰ অভিযানত এগৰাকী পোষ্টিং নোপোৱা গৃহৰক্ষী জোৱানসহ ৬ গোমাফিয়া গ্ৰেপ্তাৰ হয়। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে ৫ টা পশুধন জব্দ কৰিছে।

ধৃত গোমাফিয়া কেইটা ক্ৰমে আজাদ শেখ (পোষ্টিং নোপোৱা গৃহৰক্ষী জোৱান), মোছলেম আলী, ছানোৱাৰ হুছেইন, ছাফিউল ইছলাম, ছামিউল শেখ আৰু আছাদুৰ শেখ বুলি চিনাক্ত কৰা হৈছে। 

সুখচৰ আৰক্ষীয়ে সোমবাৰে গোমাফিয়া কেইটাক হাটশিঙিমাৰী জিলা আদালতত হাজিৰ কৰে। আদালতে ইতিমধ্যে গোমাফিয়াৰ দলটোক ধুবুৰী কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।

লক্ষণীয় যে গ্ৰেপ্তাৰ হোৱা গোমাফিয়া কেইটাৰ ভিতৰত ছাফিউল ইছলাম ওৰফে বাসাৰ পূৰ্বেও ইতিমধ্যে দুবাৰকৈ ৰঙা ঘৰলৈ গৈছিল বুলি জানিব পৰা গৈছে।

মানকাচৰ চোৰাং গৰু সৰবৰাহ