/asomiyapratidin/media/media_files/2025/01/14/egTAZmHwDrkCakaFbtVI.jpg)
কৰ্মব্যস্ততাৰ মাজতো পৰম্পৰা ৰক্ষা কৰিলে শিৱসাগৰ আৰক্ষীয়ে Photograph: (কৰ্মব্যস্ততাৰ মাজতো পৰম্পৰা ৰক্ষা কৰিলে শিৱসাগৰ আৰক্ষীয়ে)
ডিজিটেল সংবাদ, শিৱসাগৰঃ আজি মাঘ বিহু। মেজিৰ জুইৰ উত্তাপ লৈ পুৱাই অগ্নি দেৱতাৰ ওচৰত সেৱা ললে বহুজনে। কৰ্মব্যস্ততাৰ মাজতো মেজি প্ৰজ্বলন কৰে শিৱসাগৰ আৰক্ষী চাউনিৰ সকলোৱে।অন্যান্য প্ৰান্তৰ লগতে আজি শিৱসাগৰৰ আৰক্ষী চাউনিত উলহ মালহৰে উদযাপন কৰা হৈছে মাঘ বিহু।
পহিলা মাঘৰ পুৱাতে দিনটোৰ ২৪ ঘন্টাই কৰ্তব্যত নিয়োজিত হৈ থকা আৰক্ষীয়ে মেজি প্ৰজ্বলন কৰি সকলোৰে কুশল মংগল কামনা কৰে। বিহু দিনটোত নিজৰ ঘৰৰ পৰা আঁতৰি থাকি আজি দিনটোত নিজৰ সহকৰ্মী সৈতে শিৱসাগৰ আৰক্ষী চাউনিত মেজি প্ৰজ্বলন কৰে।
এই অনুষ্ঠানত উপস্থিত থাকে শিৱসাগৰ আৰক্ষী অধীক্ষক শুভজ্যোতি বৰা,অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধি লগতে বহুতো আৰক্ষী উচ্চপদস্থ বিষয়া ।