শিৱসাগৰত কিন্নৰে তৰিছে শিশু ক্ৰয়ৰ বজাৰঃ ১৫ হাজাৰ টকাত শিশু বিক্ৰী...

অৰ্থৰ অভাৱৰ বাবে এটি নৱজাতক শিশুক বিক্ৰী কৰা এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে

author-image
Asomiya Pratidin
New Update
শিৱসাগৰত কিন্নৰে তৰিছে শিশু ক্ৰয়ৰ বজাৰঃ ১৫ হাজাৰ টকাত শিশু বিক্ৰী...

sivsagar Selling children

ডিজিটেল সংবাদ, শিৱসাগৰ : শিৱসাগৰ চহৰৰ পৰা প্ৰায় ৪ কিলোমিটাৰ নিলগৰ বণিয়াবাৰী অঞ্চলৰ এটা ভাড়াঘৰত থকা এগৰাকী মহিলাই অৰ্থৰ অভাৱৰ বাবে এটি নৱজাতক শিশুক বিক্ৰী কৰা এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে ৷

Advertisment

দুগৰাকী মধ্যস্থতাকাৰীয়ে মাথো ১৫ হাজাৰ টকাৰ বিনিময়তে দুই কিন্নৰক নৱজাতক শিশুক বিক্ৰী কৰাৰ তথ্য পোহৰলৈ আহিছে ৷ বৃহস্পতিবাৰে দুই  কিন্নৰক কেঁচুৱাটি  টকাৰ বিনিময়ত গতাই দিবলৈ লোৱাৰ সময়তেই একাংশ লোকে বিষয়টো হস্তক্ষেপ কৰাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

পৰৱৰ্তী সময়ত আৰক্ষীয়ে দুই কিন্নৰৰ লগতে দুগৰাকী মধ্যস্থতাকাৰীক কৰায়ত্ব কৰি সদৰ থানালৈ লৈ যায় ৷ উত্থাপিত অভিযোগ অনুসৰি শিৱসাগৰত একাংশ কিন্নৰে থিতাপি লৈ শিশু ক্ৰয় বিক্ৰয়ৰ জাল পাতিছে ৷ কিন্নৰে মধ্যস্থতাকাৰীৰ যোগেদি অভাৱগ্ৰস্ত পৰিয়ালক বাচি লৈছে ৷ শিৱসাগৰ বণিয়াবাৰীত ভাড়াঘৰ লৈ থকা নগাঁৱৰ কামপুৰ কচুৱাৰ বানেছা খাটুন নামৰ মহিলা গৰাকী দুই সন্তানৰ মাতৃ ৷

যোৱা তিনিদিনৰ পূৰ্বে শিৱসাগৰ চিকিৎসালয়ত দ্বিতীয়টো সন্তান জন্ম হৈছিল ৷ সম্প্ৰতি দ্বিতীয়টো সন্তান বিক্ৰী কৰা বুলি মহিলা গৰাকীৰ বিৰুদ্ধে  অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷ ৰাইজৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে পৰি দত্ত আৰু কুনম হাজৰিকা হাজৰিকা নামৰ দুই কিন্নৰক কৰায়ত্ব কৰিছে। তদুপৰি আটক কৰিছে দুই মধ্যস্থতাকাৰী জুলেখা খাটুন আৰু জৰিনা বেগমক।

আৰ্থিক অনাতনৰ বাবেই কেঁচুৱাটো কিন্নৰক দিব বিচাৰিছিল বুলি বানেছা খাটুনে মন্তব্য কৰিছে। জানিব পৰা মতে জুলেখা আৰু জৰিনা বেগমে ১৫ হাজাৰ টকাৰ বিনিময়ত দুই কিন্নৰ কুনম হাজৰিকা আৰু পৰি দত্তক কেইটামান দিনৰ পূৰ্বে বানেছা বেগমৰ গৰ্ভত থকা সন্তিনটো বিক্ৰী কৰাৰ বাবে মধ্যস্থতা কৰিছিল ৷ সন্তান জন্মহোৱা পূূৰ্বেই  দুই কিন্নৰে বানেছা খাটুনক সন্তানৰ বিনিময়ত আগধন হিছাপে ২,৭০০ টকা প্ৰদান কৰে ৷

যোৱা তিনিদিনৰ পূৰ্বে বানেছা খাটুনক দুই কিন্নৰে প্ৰসৱজনিত কাৰণত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱায় ৷ ইমানেই নহয় চিকিৎসালয়ত ঔষধৰ পৰা আৰম্ভ কৰি আন আন খৰচ পৰ্যন্ত দুই কিন্নৰে বহন কৰে ৷ তাতেই মহিলা গৰাকীয়ে এটি সন্তান জন্ম দিয়ে ৷ নৱজাতক সহিতে মহিলাগৰাকী বুধবাৰে চিকিৎসালয়ৰ পৰা আহি ভাড়াঘৰত উপস্থিত হয়হি ৷

জানিবপৰা মতে বুধবাৰে নিশাৰে পৰা দুই মধ্যস্থতাকাৰী জুলেখা আৰু জৰিনা বেগমে বানেছা খাটুনক পূৰ্বৰ চুক্তি অনুসৰি সন্তানটি দুই কিন্নৰক গতাই দিয়াৰ বাবে হেঁচা প্ৰয়োগ কৰে ৷ সেই মৰ্মে বৃহস্পতিবাৰে দুই কিন্নৰে তিনিদিনীয়া কেচুঁৱাটো আনিবলৈ যাওঁতেই আৰক্ষীৰ হাতত কিন্নৰ সহিতে শিশুৰ বেপাৰত লিপ্ত দুই মধ্যস্থতাকাৰী মহিলা বন্দী হয় ৷

assam nagaon sivsagar