ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰৰ ছাই বিকাশ একাডেমিৰ অধ্যক্ষক অতি নৃশংসভাৱে ডেগাৰেৰে হত্যা কৰা ছাত্ৰজনক আজি আদালতে তিনি মাহৰ বাবে যোৰহাটৰ স্পিচিয়েল হোমলৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে ৷ কিশোৰ ন্যায় পৰিষদে আজি এই ৰায় প্ৰদান কৰে ৷
উল্লেখ্য যে যোৱা ৬ জুলাইত শিৱসাগৰ চহৰৰ ছাই বিকাশ কেন্দ্ৰৰ অধ্যক্ষ ৰাজেশ বাবুক পাঠদান দি থকা অৱস্থাতে একাদশ শ্ৰেণীৰ এজন ছাত্ৰই অতি নৃশংসভাৱে ডেগাৰেৰে আক্ৰমণ কৰি হত্যা কৰিছিল ৷ ছাত্ৰজনে অধ্যক্ষ গৰাকীক ডেগাৰেৰে এনেদৰে আক্ৰমণ কৰিছিল যে তেওঁ শ্ৰেণী কোঠাতেই প্ৰাণ হেৰুৱাব লগাত পৰিছিল ৷
যি ঘটনাই সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল ৷ সকলোৰে চকুৰ সন্মুখতেই শ্ৰদ্ধা আৰু মৰমৰ শিক্ষক গৰাকী সতীৰ্থই ডেগাৰৰ খুচত ৰক্তাক্ত দেহেৰে পকী মজিয়াত ঢলি পৰা দৃশ্য প্ৰত্যক্ষ কৰা ভালেকেইগৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে সমগ্ৰ বিষয়টো আজিও অবুজ সাথঁৰ স্বৰূপ হৈ আছে ৷
উক্ত ঘটনাৰ পিছত ছাই বিকাশ একাডেমিত অধ্যয়ন কৰি থকা বাকী ছাত্ৰ ছাত্ৰীৰ ভবিষ্যত কি হ’ব তাকলৈ অভিভাৱক সহিতে সমাজসচেতন লোকসকল চিন্তিত হৈ পৰে যদিও হঠাৎ শিশুৰ মনস্তাত্ত্বিক বিশেষজ্ঞ হৈ পৰা একাংশই অতি দুৰ্ভাগ্যজনক ভাৱে অধ্যক্ষ গৰাকীৰ ওপৰতেই সমস্ত দোষ জাপি দি শিক্ষানুষ্ঠানখন ধবংসৰ ষড়যন্ত্ৰত জঁপিয়াই পৰে ৷
ছাত্ৰজন সুস্থ আৰু ১৮ বছৰ নোহোৱাৰ বাবে কাৰোবাক হত্যা কৰিলেও যে কঠোৰ শাস্তিৰ সন্মুখীন নহয় এই কথা ভালদৰেই জ্ঞাত আছিল ৷ শিক্ষকে ছাত্ৰজনক ভালদৰে পঢ়িবলৈ হেঁচা প্ৰয়োগ কৰাৰ বাবেই ছাত্ৰজন উগ্ৰ হৈ পৰিছিল ৷
ছাত্ৰজনে এখন ডেগাৰ ক্ৰয় কৰি অধ্যক্ষ গৰাকীক হত্যা কৰি মবাইল ফোনৰ যোগেদি সামাজিক মাধ্যমত লাইভ কৰিছিল ৷ অধ্যক্ষৰ চকীখনত বহি মই ইয়াত হত্যা কৰিলোঁ বুলি দম্ভালি মাৰিছিল ৷ আজি ছাত্ৰজনক শাস্তি তথা সংশোধনীৰ বাবে বিশেষ গৃহলৈ নিক্ষেপ কৰাত জনসাধাৰণে সন্তুষ্টি প্ৰকাশ কৰিছে ৷