নিউ লুক একাডেমীত বিশেষ অভিনন্দন অনুষ্ঠান...

শিৱসাগৰৰ আগশাৰীৰ শিক্ষানুষ্ঠান নিউ লুক একাডেমীত আজি উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক আনুষ্ঠানিক ভাৱে অভিনন্দন জনোৱা হয় । উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত এইবাৰ প্ৰথম দল ছাত্ৰ-ছাত্ৰী অবতীৰ্ণ হৈয়ে পূৰ্ণ শতাংশ উত্তীৰ্ণৰে বিদ্যালয় তথা জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। ছাত্ৰ-ছাত্ৰী সকলৰ সফলতাত বিদ্যালয় কৰ্তৃপক্ষ, শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী সকলো উৎফুল্লিত হৈ পৰে।

author-image
Asomiya Pratidin
New Update
নিউ লুক একাডেমীত বিশেষ অভিনন্দন অনুষ্ঠান...

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰৰ আগশাৰীৰ শিক্ষানুষ্ঠান নিউ লুক একাডেমীত আজি উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক আনুষ্ঠানিক ভাৱে অভিনন্দন জনোৱা হয় । উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত এইবাৰ প্ৰথম দল ছাত্ৰ-ছাত্ৰী অবতীৰ্ণ হৈয়ে পূৰ্ণ শতাংশ উত্তীৰ্ণৰে বিদ্যালয় তথা জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। ছাত্ৰ-ছাত্ৰী সকলৰ সফলতাত বিদ্যালয় কৰ্তৃপক্ষ, শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী সকলো উৎফুল্লিত হৈ পৰে।

Advertisment

অভিনন্দন অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক -সমালোচক ড' অৰুন্ধতী মহন্ত আৰু নামতি পিয়লি ফুকন মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ড' ৰঞ্জন ফুকন । ছপা মাধ্যম আৰু বৈদ্যুতিন মাধ্যমৰ সংবাদ সেৱীসকলৰ উপস্থিতিয়ে সভাখনৰ সৌষ্ঠৱ বৃদ্ধি কৰে । উল্লেখযোগ্য যে বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত কলা, বিজ্ঞান আৰু বাণিজ্য - তিনিওটা শাখাতে চমকপ্ৰদ সফলতা প্ৰদৰ্শন কৰা ছাত্ৰ-ছাত্ৰী সকলৰ ভিতৰত বিজ্ঞান শাখাত প্ৰিয়ানুজ বৰদলৈয়ে ৯২ শতাংশ আৰু কলা শাখাত যুক্তা চেতিয়াই ৯৩.২ শতাংশ নম্বৰ সহ উত্তীৰ্ণ হোৱাৰ উপৰি দহগৰাকীয়ে ষ্টাৰ নম্বৰ সহ উত্তীৰ্ণ হয় ।

বিশিষ্ট সাহিত্যিক -সমালোচক ড' অৰুন্ধতী মহন্তই অভিনন্দন সূচক ব্যক্তব্য দাঙি ধৰি কয় যে ভাৰতত ভূমিৰ পৰা ভুমাৰ অন্বেষণ কৰিব পৰা সন্তান ওপজা বাবেই প্ৰতীচ্য জগতৰ দৃষ্টি ভাৰতত নিবদ্ধ আছিল। তেখেতে নিউ লুক একাডেমী নামটোতে নতুনত্ব থকাৰ লগতে নতুন আশা লুকাই থকা বুলিও কয়। ভাষণ প্ৰসংগত তেখেতে ছাত্ৰ-ছাত্ৰীক মানৱ সম্পদ ৰূপে গঢ় দিবলৈ সকলোকে আহ্বান জনায়। পিয়লি ফুকন মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ড' ৰঞ্জন ফুকনে ব্যক্তব্য দাঙি ধৰি কয় যে যি মূলা বাঢ়ে তাৰ দুপাততে চিন- এই আপ্ত বাক্যটোৰ সত্যতা নিউ লুক একাডেমীয়ে প্ৰমাণ কৰিলে ।

বিদ্যালয়খনৰ সফলতা আৰু উন্নত শিক্ষা ব্যৱস্থাই শিৱসাগৰৰ ছাত্ৰ-ছাত্ৰীৰ বহিৰ্গমন ৰোধ কৰিব পাৰিব বুলি মত প্ৰকাশ কৰে। তেখেতে ছাত্ৰ-ছাত্ৰী সকলক নিজৰ প্ৰিয় বিষয় নিৰ্বাচন কৰি সেই বিষয়ত পাৰদৰ্শী হ'বলৈ আহ্বান জনোৱাৰ লগতে এই সন্দৰ্ভত শিক্ষা ব্যৱস্থাৰ সংস্কাৰ সাধনৰ পোষকতা কৰে । বিদ্যালয়ৰ অধ্যক্ষ শ্ৰী শ্ৰীমন্ত বৰঠাকুৰে ছাত্ৰ-ছাত্ৰী সকলক অভিনন্দন জনাই বিদ্যায়তনিক উৎকৰ্ষ সাধনৰ সমান্তৰাল ভাৱে মানৱীয় প্ৰমূল্যৰে নিজক সমৃদ্ধ কৰিবলৈ আহ্বান জনায়।

সভাত বিদ্যালয়খনৰ উপাধ্যক্ষ ড' ছাহলিনা হকে ব্যক্তব্য আগবঢ়োৱাৰ উপৰি সুস্মিতা দে'ই গীত পৰিৱেশন কৰে। কণমানি ছাত্ৰ চাওখুন গগৈয়ে গীতেৰে সকলোকে মুগ্ধ কৰে ।তদুপৰি, উপস্থিত অভিভাৱক সকলেও ব্যক্তব্য আগবঢ়ায় । ছাত্ৰ-ছাত্ৰী সকলে গীত আৰু মধুৰ ব্যক্তব্যৰে অনুষ্ঠানটো জীপাল কৰি তোলে। অনুষ্ঠানটোৰ সূত্ৰ ধৰে শিক্ষয়িত্ৰী মেঘালী হাজৰিকা কাকতিয়ে ।

শিৱসাগৰ