শিৱসাগৰত অস্ত্ৰৰ জনজননি...

কেমিকেল চোৰে অস্ত্ৰ দেখুৱাই অপহৰণ কৰিলে চালক সহিতে ট্ৰাক
শিৱসাগৰত অস্ত্ৰৰ জনজননি...
Published on
Updated on

ডিজিটেল সংবাদ, শিৱসাগৰঃ সুদীৰ্ঘ দিনধৰি শিৱসাগৰত বিভিন্ন অপৰাধমূলক কাৰ্য জড়িত দিগন্ত চেতিয়াই বাৰে বাৰে অস্ত্ৰ লৈ শিৱসাগৰত ত্ৰাসৰ সৃষ্টি কৰাৰ সুযোগ কি দৰে লাভ কৰিছে তাকলৈ সৰব আলোচনা চলিছে ৷ শেহতীয়া ভাৱে দিগন্ত চেতিয়া আৰক্ষীৰ জালত পৰিছে ৷ কিন্ত কিমান দিনলৈ এই ডকাইতটো কাৰাগাৰত বন্দী হৈ থাকিব ই হৈ পৰিছে লাখটকীয়া প্ৰশ্ন ৷

শিৱসাগৰ আৰক্ষীৰ অভিযানত  মষ্ট ৱান্টেড ডকাইত, কূখ্যাত তেল চোৰ তথা অ’ এন জি চিৰ কেমিকেল চোৰ দিগন্ত চেতিয়াৰ লগতে  জ্যোতি হাজৰিকা, পুতুল বৰা আৰু লোচন গগৈ জালত পৰিল। এই ডকাইতৰ পৰা আৰক্ষীয়ে এটা পিষ্টল জব্দ কৰিবলৈ সক্ষম হয় ৷ লোহাৰ ডেম্পৰ সামগ্ৰী কঢ়িয়াই নিয়া এখন ট্ৰাক শিৱসাগৰ চহৰৰ প্ৰগতি চাৰিআলিৰ পৰা মাজ নিশা অস্ত্ৰৰ ভয় দেখুৱাই অপহৰণ কৰিছিল এই কুখ্যাত ডকাইতকেইটাই।

ডকাইত কেইটাৰ পৰা আৰক্ষীয়ে এটা ৭.৬৫ নম্বৰৰ অত্যাধূনিক পিষ্টল সহ এ এচ ০৪ এ এফ ৯১০০  নম্বৰৰ এখন এল্ট' গাড়ী জব্দ । শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জ্যোতি হাজৰিকাৰ ঘৰ যোৰহাট চহৰৰ সমীপৰ মালৌ আলিত ৷ কুখ্যাত ডকাইত দিগন্ত চেতিয়াৰ ঘৰ হাঁহচৰা চেতিয়া গাঁৱত, পুতুল বৰাৰ ঘৰ ডিব্ৰুগড়ৰ বৈৰাগীমঠ আৰু লোচন গগৈৰ ঘৰ শিৱসাগৰ জিলাৰ লাকুৱাত।

স্ক্ৰেপ পৰিবাহী ট্ৰাকখন ডকাইতৰ কবলত পৰাৰ কথা গাড়ীৰ গৰাকীয়ে গাড়ীত সংযোজিত হৈ থকা জি পি আৰ এচৰ ভিত্তিত জানিব পাৰি আৰক্ষীৰ কাষ চাপে ৷ আৰক্ষীয়ে জি পি আৰ এচৰ আধাৰত অভিযান চলাই সফলতা অৰ্জন কৰে ৷ ডকাইত দিগন্ত চেতিয়াৰ বিৰুদ্ধে চেৰেকাপাৰ, শিৱসাগৰ আদিকে বিভিন্ন থানাত খাৰুৱা তেল চুৰিৰ পৰা আৰম্ভ কৰি কেমিকেল চুৰিলৈকি ৰুজু হৈ আছে একাধিক গোচৰ ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in