Advertisment

শিৱসাগৰৰ ঢুলীয়াপাৰত শিশু দিৱস উদযাপন...

শিৱসাগৰৰ ৰংঘৰ চাৰিআলিৰ সমীপৰ আমগুৰি শিক্ষাখণ্ডৰ অন্তৰ্গত ঢুলীয়াপাৰ প্ৰাথমিক বিদ্যালয়ত আজি অনুষ্ঠিত কৰা হয় শিশু দিৱস৷ এই উপলক্ষে বিদ্যালয়ৰ প্ৰধান শিক্ষক আমিৰুদ্দিন আহমেদে...

author-image
Asomiya Pratidin
New Update
শিৱসাগৰ

ডিজিটেল সংবাদ, শিৱসাগৰঃ  শিৱসাগৰৰ ৰংঘৰ চাৰিআলিৰ সমীপৰ আমগুৰি শিক্ষাখণ্ডৰ অন্তৰ্গত ঢুলীয়াপাৰ প্ৰাথমিক বিদ্যালয়ত আজি অনুষ্ঠিত কৰা হয় শিশু দিৱস৷ এই উপলক্ষে বিদ্যালয়ৰ প্ৰধান শিক্ষক আমিৰুদ্দিন আহমেদে অনুষ্ঠানৰ শুভাৰম্ভ কৰাৰ পাছত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা হয় চিত্ৰাংকন প্ৰতিযোগিতা ৷

Advertisment

দুপৰীয়া অনুষ্ঠিত কৰা হয় গীত-নৃত্যৰ এক অনুষ্ঠান৷ বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী অনিমা হাজৰিকাই আঁত ধৰা অনুষ্ঠানটিত জৱাহৰলাল নেহৰুৰ সম্পৰ্কত বক্তৃতা অনুষ্ঠানৰ লগতে আধুনিক নৃত্য, কবিতা পাঠ, বিয়ানাম, সৃষ্টিশীল নৃত্য, সমদল গীত আদি অনুষ্ঠিত কৰা হয় ৷ 

আজি অনুষ্ঠিত হোৱা চিত্ৰাংকণ প্ৰতিযোগিতাত ‘ক’ শাখাৰ প্ৰথন স্থান অধিকাৰ কৰে ইমামুল হুছেইন, দ্বিতীয় অভিজ্ঞান বড়া, তৃতীয় ভাস্কৰ দাস আৰু চতুৰ্থ চমলা খাতুন ৷ ‘খ’ শাখাত প্ৰথম মৌচুমী বৰ্মন, দ্বিতীয় তাকিয়া চুলতানা, তৃতীয় আয়েশা চিদ্দিকা আৰু চতুৰ্থত গৌৰাংগ দাস ৷ ইয়াৰ পূৰ্বে বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰঞ্জু দত্তৰ পৰিচালনাত অনুষ্ঠিত হয় এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান৷

পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰতিচ্চবিত মাল্যাৰ্পণ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ নেহৰু খুড়াক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ আজিৰ সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকল হ’ল হৰিপ্ৰিয়া বড়া, অৰ্চি দত্ত, ৰাজ দাস, পম্পী দিহিঙ্গীয়া, মৌচুমী বৰ্মন, মানসী বণিয়া, চিৰঞ্জিৱ বৰা, অভিজ্ঞান বৰা, মিনতি চাওৰা, তনুশ্ৰী গোৱালাই বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷

শিৱসাগৰ