গাভৰুৰ প্ৰেমত মচগুল স্বামীক ৰাজপথতে গুৰুলা-গুৰুলকৈ প্ৰহাৰ পত্নীৰ

গাভৰুৰ প্ৰেমত মচগুল স্বামীক ৰাজপথতে গুৰুলা-গুৰুলকৈ প্ৰহাৰ পত্নীৰ

author-image
asomiyapratidin
New Update
গাভৰুৰ প্ৰেমত মচগুল স্বামীক ৰাজপথতে গুৰুলা-গুৰুলকৈ প্ৰহাৰ পত্নীৰ

ডিজিটেল সংবাদ,শিৱসাগৰ: শিৱসাগৰৰ ৰাজপথত বৃহস্পতিবাৰে পত্নীয়ে নিজ স্বামী আৰু স্বামীৰ প্ৰেমিকাক হালুৱা এচাৰিৰে গুৰুলাগুৰুলকৈ কোবাই ক্ষোভ উজৰা এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

Advertisment

প্ৰায় ৩০ বছৰীয়া বৈবাহিক জীৱন অতিক্ৰম কৰাৰ পাছত এজন পুৰুষৰ লম্পট আচৰণৰ বাবেই শিৱসাগৰৰ ৰাজপথত এই ঘটনা সংঘটিত হয় ৷ নিজ পত্নীক এলাগী কৰি গাভৰুৰ প্ৰেমত মতলীয়া হোৱা লম্পট স্বামীক পত্নীয়ে ধৰা পেলালে হাতেলোটে।

মহিলা গৰাকীৰ ঠিকাদাৰ স্বামীৰ নাম বিভানন্দ গগৈ, জানিব পৰা মতে তেওঁলোকৰ আছে দুটিকৈ সন্তান। শিৱসাগৰ চহৰৰ নিৱাসী গগৈয়ে নিজ ঠিকা ফাৰ্ম পৰিচালনাৰ নামত নিয়োগ কৰা এগৰাকী গাভৰুৰ সৈতে গোপনে গঢ়িছিল অবৈধ প্ৰেমৰ সম্পৰ্ক। গাভৰুৰ প্ৰেমত হাবুডুবু খোৱা প্ৰেমীকে ক্ৰমান্বয়ে পত্নীক এলাগী কৰি ঘৰুৱা খা-খৰচ দিয়াৰ পৰাও বিৰত আছিল বুলি অভিযোগ উত্থাপন হৈছে ৷ যাৰ বাবে পতি পত্নীৰ মাজত আৰম্ভ হৈছিল সংঘাতৰ ।

তাৰ পাছতে বৃহস্পতিবাৰে মহিলা গৰাকীৰ স্বামী আৰু স্বামীৰ প্ৰেমিকাই এখন গাড়ীৰে বিচৰণ কৰি থকা ধৰা পেলাই পত্নীয়ে উগ্ৰমূৰ্তি ধাৰণ ধৰে।এনে অবৈধ প্ৰেমৰ কথা জানিব পাৰি ৰাইজে গাড়ীসহিত প্ৰেমীক-প্ৰেমীকাক অৱৰোধ কৰাৰ পাছৰ দৃশ্যই সকলোকে স্তম্ভিত কৰে ৷

ঠিকাদাৰৰ পত্নীয়ে স্বামীৰ গাড়ীৰ গ্লাছ ভাঙি হালুৱা এচাৰিৰে দুয়োকে প্ৰহাৰ কৰে।অৱশেষত আৰক্ষী উপস্থিত হৈ দুয়োকে আৰক্ষী থানালৈ নি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে।

assam sivsagar