অভূতপূৰ্ব সাফল্যঃ ১০বছৰে শিৱসাগৰৰ নিউ লুক্ একাডেমীৰ ১০০শতাংশ শিক্ষাৰ্থী প্ৰথম বিভাগত উত্তীৰ্ণ...

অভূতপূৰ্ব সাফল্যঃ ১০বছৰে শিৱসাগৰৰ নিউ লুক্ একাডেমীৰ ১০০শতাংশ শিক্ষাৰ্থী প্ৰথম বিভাগত উৰ্ত্তীণ...

author-image
Asomiya Pratidin
New Update
অভূতপূৰ্ব সাফল্যঃ ১০বছৰে শিৱসাগৰৰ নিউ লুক্ একাডেমীৰ ১০০শতাংশ শিক্ষাৰ্থী প্ৰথম বিভাগত উত্তীৰ্ণ...

ডিজিটেল ডেস্কঃ শিৱসাগৰৰ এখন শিক্ষানুষ্ঠানৰ সাফল্য। ধাৰাবাহিকভাৱে বিগত ১০টা বছৰ ধৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষানুষ্ঠানখনৰ ১০০শতাংশ শিক্ষাৰ্থী প্ৰথম বিভাগত উৰ্ত্তীণ হৈ আহিছে।

Advertisment

২০১৪ চনত প্ৰথমটো গোটে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা ২০২৪ চনলৈকে এটা দশক জুৰি শিৱসাগৰৰ নিউ লুক্ একাডেমীয়ে ১০০ শতাংশ পৰীক্ষাৰ্থীয়ে ধাৰাবাহিক ভাৱে প্ৰথম বিভাগত উৰ্ত্তীণ হৈ ৰাজ্যখনতে এক বিৰল দৃষ্টান্ত দাঙি ধৰিবলৈ সক্ষম হৈছে।

এইবৰ্ষত মুঠ ২০ জন পৰীক্ষাৰ্থীৰ ভিতৰত ৬ গৰাকীয়ে ডিষ্টিংচন, ১০ গৰাকীয়ে ষ্টাৰ আৰু ৪ গৰাকীয়ে লেটাৰ সহ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে নিসান্ত দত্ত আৰু প্ৰজ্ঞান কাশ্যপে উচ্চ গণিত বিষয়ত ৰাজ্যৰ ভিতৰতে সৰ্বোচ্চ ১০০ শতাংশ নম্বৰ লাভ কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

শিৱসাগৰ নিউ লুক্ একাডেমী