/asomiyapratidin/media/media_files/2024/12/11/a0ZDDPQCAJ5qwiiHEAuh.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ জিলাৰ দিচাংমুখ অঞ্চলৰ সমাজ জীৱনৰ পুৰুধা ব্যক্তি মনেশ্বৰ মিলি আৰু নাই ৷ আজি পুৱতি নিশা তেওঁ স্বগৃহত মৃত্যু হয় ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় ৯০ বছৰ ৷
মনেশ্বৰ মিলি দিচাংমুখৰ সমীপৰ অফলা মিচিং উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক আজিল ৷ সদৌ অসম উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক সন্থাৰ সভাপতি, শিৱসাগৰ জিলা মিচিং মিমাগ কেবাঙৰ প্ৰতিষ্ঠাপক সভাপতি, মিচিং আগম কেবাঙ আৰু দৃৰবৃ কেবাঙৰকেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি আছিল ৷
তেওঁ দিচাংমুখ চিনিয়ৰ ড° বি আৰ আম্বেদকাৰ কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ হিচাপে নিষ্ঠাৰে সেৱা আগবঢ়াইছিল ৷ দিচাংমুখৰ প্ৰতিধ্বনি গ্ৰন্থৰ স্ৰষ্টা, বিশিষ্ট শিক্ষাবিদ আৰু সমাজ সংগঠক মনেশ্বৰ মিলিৰ মৃত্যুত সকলোৱে অশ্ৰু অঞ্জলিৰে সশ্ৰদ্ধ প্ৰণিপাত জনাইছে।