কৰুণ! একেলগে কৰিলে বিহপান, পিতা-পুত্ৰৰ মৃত্যু, এজনৰ অৱস্থা সংকটজনক…

কৰুণ! একেলগে কৰিলে বিহপান, পিতা-পুত্ৰৰ মৃত্যু, এজনৰ অৱস্থা সংকটজনক…

author-image
asomiyapratidin
New Update
শিথিল কৰা হ’ল উৰুকাৰ নিশাৰ সান্ধ্য আইনঃ চাওঁক সান্ধ্য আইনৰ নতুন সময়….

ডিজিটেল সংবাদ, শিৱসাগৰ: শিৱসাগৰ নগৰৰ সমীপৰ বগীদ'ল ডিমৌ জানৰ সমীপত পিতৃয়ে সন্তানক বিহ পান কৰোৱা এক কৰুণ ঘটনা সংঘটিত হৈছে । বুধবাৰে নিশা বিহ সেৱন কৰি পিতৃ মৃদুল সন্দিকৈ আৰু ৮ বছৰীয়া পুত্ৰ পিণ্টু সন্দিকৈৰ মৃত্যু মুখত পৰে।

Advertisment

সন্দেহ কৰা হৈছে যে তেওঁলোকে কীটনাশক দ্ৰব্য সেৱন কৰি এই চৰম সিদ্ধান্ত লয়। আন এজন ১০ বছৰীয়া পুত্ৰৰ অৱস্থা সংকটজনক। নিশা শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাত অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

বৰ্তমানলৈ আত্মহত্যাৰ কাৰণ সঠিককৈ জানিব পৰা হোৱা নাই যদিও পাৰিবাৰিক অশান্তিৰ বাবে এনে ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। ঘটনাৰ সময়ত ঘৰত পত্নীসহ আন এগৰাকী কন্যা উপস্থিত নাছিল। মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

আৰু পঢ়ক: ৰাহুল জয়কাৰ হ'ব নালাগে জুবিন…

assam suicide sivsagar Assam police