/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/06/36476cd5-5109-487e-9196-f4eaa9cb4ee0-1.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ অসমৰ শিক্ষা খণ্ডত এক ঐতিহাসিক সোনালী দিনৰ সূচনা হ'ল।শিৱসাগৰত একেলগে ১৪০৮ খন হাতে লিখা আলোচনী উন্মোচন। শিৱসাগৰ জিলা শিক্ষা বিভাগৰ উদ্যোগত জিলাখনৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক পৰ্যায়ৰ ১৪০৮ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে প্ৰকাশ কৰি উলিওৱা এই হাতে লিখা আলোচনী উন্মোচন কৰে অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্র নাথ গোস্বামীয়ে।
ছাত্ৰ ছাত্ৰীৰ সৃজনীশীল প্ৰতিভা বিকাশৰ উদ্দেশ্য এই হাতে লিখা আলোচনীৰ সমূহীয়া উন্মোচনী অনুষ্ঠান কৰাৰ লগে লগে অসমত বিদ্যায়তনিক দিশত এক নতুন দিনৰ উন্মোচন হ'ল।
ছাত্ৰ-ছাত্ৰীৰ সৃজনীশীল প্ৰতিভা বিকাশৰ উদ্দেশ্যৰে এই হাতে লিখা আলোচনীৰ সমূহীয়া ভাবে উন্মোচনী কৰাৰ লগে লগে অসমৰ বিদ্যায়তনিক দিশত এক নতুন দিনৰ উন্মোচন হ'ল।
এই অনুষ্ঠানতে গুণোৎসৱত শ্ৰেষ্ঠ বিদ্যালয়, শ্ৰেষ্ঠ চি আৰ চি চি প্ৰদান কৰাৰ লগতে জিলাখনৰ আমগুৰি শিক্ষা খণ্ডক শ্ৰেষ্ঠ শিক্ষা খণ্ড হিচাবে বঁটা প্ৰদান কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/06/53acd585-bec3-4ab6-94ea-08e3bbef50cd-1-1024x768.jpg)
উল্লেখযোগ্য যে, এই হাতে লিখা আলোচনী চপা আখৰেৰে প্ৰকাশ কৰাৰ বাবে বিধানসভা অধ্যক্ষ হিতেন্দ্র নাথ গোস্বামী যে সহযোগ কৰাৰ আশ্বাস প্ৰদান কৰে।