মিছ পুণে নেশ্বনেল বিউটি প্ৰতিযোগিতাত উজ্বলিল শিৱসাগৰৰ কন্যা সুভাশ্ৰী...

মিছ পুণে নেশ্বনেল বিউটি প্ৰতিযোগিতাত উজ্বলিল শিৱসাগৰৰ কন্যা সুভাশ্ৰী, বেষ্ট স্মাইল অৱ পুণে খিতাপ লাভ
মিছ পুণে নেশ্বনেল বিউটি প্ৰতিযোগিতাত উজ্বলিল শিৱসাগৰৰ কন্যা সুভাশ্ৰী...

ডিজিটেল সংবাদ, শিৱসাগৰ : শিৱসাগৰৰ জীয়ৰী সুভাশ্ৰী বৰঠাকুৰে ( অৰ্ঘা ) পুণে চহৰত অনুষ্ঠিত হৈ যোৱা মিছ পুণে নেশ্বনেল বিউটি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বেষ্ট স্মাইল অৱ পুণে খিতাপ লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।

উল্লেখ্য যে', শিৱসাগৰ প্ৰেছ ক্লাৱৰ উপসভাপতি তথা ক্ৰীড়া সংগঠক পৱিত্ৰ বৰঠাকুৰ আৰু কবি জোনা বৰঠাকুৰৰ কন্যা সুভাশ্ৰীয়ে শিৱসাগৰ চেৰেকাপাৰৰ হলিনেইম হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল।

পৰৱৰ্তী সময়ত নাজিৰাৰ ডি পি এছ আৰু শ্বিলঙৰ ছেইণ্ট এডমাণ্ডছ কলেজৰ পৰা ৰাজনীতি বিজ্ঞানত সন্মান লাভ কৰি স্নাতক ডিগ্ৰী সম্পন্ন কৰে। তাৰ পিছত পুণেৰ নেশ্বনেল ইনষ্টিটিউট অৱ ইভেণ্টৰ পৰা ইভেণ্ট মেনেজমেণ্টত পি জি ডি ই এম সম্পন্ন কৰি বৰ্তমান মহাৰাষ্ট্ৰৰ পুণেত এগৰাকী পেছাদাৰী এংকৰ আৰু ইভেণ্ট মেনেজমেণ্ট হিচাপে কৰ্মৰত। ষ্টাইলিং আৰু মডেলিঙৰ প্ৰতি দুৰ্বাৰ হেঁপাহ থকা সুভাশ্ৰী নৃত্য,গীত আৰু ইউ টিউবৰ লগতো জড়িত।

এগৰাকী কণ্ঠ ডাবিং শিল্পী হিচাপে পৰিচিত সুভাশ্ৰীয়ে অৰ্ঘা'ছ ইন্টাৰেক্টিভ ৱাওছ ( এআইডব্লিও) নামেৰে নিজাকৈ এটা চেলিব্ৰিটি টক শ্ব' আছে য'ত ইতিমধ্যে যতীন বৰা, প্ৰস্তুতি পৰাশৰ, নিশিতা গোস্বামী, ৰিম্পী দাস, গৰিমা গাৰ্গ শইকীয়া, দীপলিনা ডেকা, পৰিণীতা বৰঠাকুৰৰ উপৰিও বলীউদৰ কেইবাগৰাকীও বিশিষ্ট চেলিব্ৰিটিৰ সাক্ষাৎকাৰ লৈ ইতিমধ্যে জনপ্ৰিয়তা লাভ কৰিছে।

সুভাশ্ৰীয়ে শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ পুণেৰ গণেশ কলা ক্ৰীড়া ৰংগমঞ্চত মিছ পুণে ফেষ্টিভেলৰ গ্ৰেণ্ড ফিনালেত মিছ পুণে ফেষ্টিভেলত বিউটিফুল স্মাইল ২০২২ আৰু ডেণ্টেল ৱৰ্ল্ড বিউটিফুল স্মাইলৰ উপ শিৰোনামা লাভ কৰিবলৈ সক্ষম হৈছে ।

ইয়াৰোপৰিও এম পি এফ ২০২২ চিজন -৮ ত ১৮ - ২৫ বছৰ বয়সৰ কণমানি ছোৱালীৰ বাবে আয়োজন কৰা ৰাজ্যিক পৰ্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতাতো বিভিন্ন দিশত সুভাশ্ৰীয়ে আগবঢ়োৱাৰ সেৱাৰ বাবে সমাদৃত হৈছিল।

বলীউডৰ কিংবদন্তি ছুপাৰষ্টাৰ হেমা মালিনী আৰু সুনীল শ্বেট্টীৰ উপস্থিতি থকা পুণে ফেষ্টিভেল ২০২২ৰ ভৱিষ্যৎ মুকলি অনুষ্ঠানৰ শুভ উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী দেৱেন্দ্ৰ ফডনাভিছে। সুভাশ্ৰীৰ এনে সাফল্যত শিৱসাগৰ প্ৰেছ ক্লাবৰ লগতে জিলাখনৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে অভিনন্দন জ্ঞাপন কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in