শিৱসাগৰৰ হালোৱাটিঙত নিশা বিধ্বংসী অগ্নিকাণ্ড...

শিৱসাগৰ জিলাৰ হালোৱাটিঙত শনিবাৰে নিশা এখন ব্যৱসায়িক প্ৰতিষ্ঠান বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়

author-image
Asomiya Pratidin
New Update
শিৱসাগৰৰ হালোৱাটিঙত নিশা বিধ্বংসী অগ্নিকাণ্ড...

ডিজিটেল সংবাদ, নামতি :- শিৱসাগৰ জিলাৰ হালোৱাটিঙত শনিবাৰে নিশা এখন ব্যৱসায়িক প্ৰতিষ্ঠান বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয় । জানিব পৰা মতে, অগ্নিকাণ্ডৰ ফলত হালোৱাটিঙৰ নৱজ্যোতি গগৈ নামৰ ব্যক্তিজনৰ ব্যৱসায়ী প্ৰতিষ্ঠানখন সম্পূৰ্ণৰূপে ভষ্মিভূত হয় ।

Advertisment

তদুপৰি অগ্নিকাণ্ডত এটা গেছ চিলিণ্ডাৰো বিস্ফোৰণ হোৱাৰ লগতে প্ৰায় ডেৰ লক্ষাধিক টকাৰ সামগ্ৰী সম্পূৰ্ণৰূপে জুইত জাহ যায় । বাতৰি প্ৰেৰণ কৰা সময়লৈকে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই ।

assam sivsagar