ৰহস্য কি? কাৰিকৰী বিজুতি নে আন কিবা? য’তেই ভোট দিয়ক, যায় বিজেপিলৈ… VIDEO

ৰহস্য কি? কাৰিকৰী বিজুতি নে আন কিবা? য’তেই ভোট দিয়ক, যায় বিজেপিলৈ… VIDEO

author-image
asomiyapratidin
New Update
দুপৰীয়া ১ বজাৰলৈকে শিৱসাগৰৰ ভোটদানৰ হাৰ…

ডিজিটেল সংবাদ, শিৱসাগৰঃ  ইটোৰ পিছত সিটো ভোটগ্ৰহণ কেন্দ্ৰত ঘটিছে অঘটন। গোপনীয় স্থানত ই ভি এমত ভোটদান কৰা ভোটাৰো হৈছে আঁচৰিত। যি প্ৰাৰ্থীকে ভোট নিদিয়ক কিয়, ভোট পৰেগৈ বিজেপিত। জ্বলি উঠে ই ভি এমত থকা বিজেপিৰ প্ৰাৰ্থীৰ বিপৰীতে থকা পদুমৰ প্ৰতীক। ৰঙাজান, বিশ্বনাথ চাৰিআলিৰ পাছত অনুৰূপ ঘটনা ঘটিল এই শিৱসাগৰত।

যোৰহাট সমষ্টিৰ অন্তৰ্গত শিৱসাগৰ বিধানসভা সমষ্টিৰ জয়ৰাপাৰ এম ই স্কুলৰ ১১৬নং ভোটগ্ৰহণ কেন্দ্ৰত পোহৰলৈ আহিছে এই ঘটনা। ইতিমধ্যে এই ই ভি এম মেচিনৰ জৰিয়তে ২৯৮টা ভোটদান হৈ গৈছিল। কিন্তু এই ঘটনা পোহৰলৈ অহাৰ পাছতেই স্থগিত ৰখা হয় ভোটদান কেন্দ্ৰটোৰ ভোটদান পৰ্ব।

নিৰ্বাচনী বিষয়াই এই বিসংগতি ৰাইজে ধৰা পেলোৱা পাছত ১১ বজাত নতুন এটা ই ভি এমৰ ব্যৱস্থা কৰে। কিন্তু পূৰ্বতে যি কেইটা ভোটদান হৈ গ'ল সেই ভোট কেইটা এতিয়া বিজেপিয়ে লাভ কৰা বুলি সৰৱ আলোচনা চলিছে। ভোটগ্ৰহণ কেন্দ্ৰটোত সংঘটিত এই ঘটনা সহজভাৱে লোৱা নাই কংগ্ৰেছে।

ৰাজ্যখনৰ ইটোৰ পাছত সিটো ই ভি এমৰ বুটাম টিপিলেই পদুমৰ প্ৰতীক জ্বলি উঠা ঘটনাক সাধাৰণ কাৰিকৰী বিজুতি বুলি ভবা নাই বিৰোধীয়ে। এই ঘটনাৰ উচিত তদন্ত বিচাৰিছে সচেতন ভোটাৰ ৰাইজে। উল্লেখ্য যে, এই ভোটগ্ৰহণ কেন্দ্ৰটোত ৯৫৬জন ভোটাৰ আছিল।