দেৱালৰ এটা ফালে আল্লাক দোৱা, আনটো ফালে ইশ্বৰক আৰাধনা ! শিৱসাগৰৰ এখন পূজাই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে...

শিৱসাগৰত সমন্বয়ৰ বাৰ্তা বিলাইছে নৱ যুৱক সংঘৰ দুৰ্গা পূজা সমিতিয়ে

author-image
Asomiya Pratidin
New Update
দেৱালৰ এটা ফালে আল্লাক দোৱা, আনটো ফালে ইশ্বৰক আৰাধনা ! শিৱসাগৰৰ এখন পূজাই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে...

ডিজিটেল সংবাদ,শিৱসাগৰ: সমন্বয়— সম্প্ৰীতিৰ পীঠ ভূমি খ্যাত ইতিহাস প্ৰসিদ্ধ ৰংপুৰে সদায় ঐক্য, শান্তি, সম্প্ৰীতিৰ বাৰ্তা বিলাই আহিছে ৷ বিশ্ব বাসীৰ সন্মুখত সদায়েই ভাতৃত্ববোধৰ গৰিমা উজ্বলাই তুলা ইতিহাস প্ৰসিদ্ধ শিৱসাগৰৰ বুকুত আকৌ বাজি উঠিল সমন্বয়ৰ গান ৷

Advertisment

শিৱসাগৰ চহৰৰ মাজ-মজিয়াৰ বাণিজ্যিক প্ৰাণ কেন্দ্ৰ স্বৰূপ মাৰোৱাৰী পট্টীৰ এখন বিশেষ পূজাস্থলী সকলোৰে বাবে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু৷ পূজা খনৰ নাম নৱ যুৱক দুৰ্গোৎসৱ সমিতি ৷ আপাত দৃষ্টিত শিৱসাগৰ চহৰ আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত অনুস্থিত আন ২৬ খন পূজাৰ দৰেই এই পূজাখনো একেই যদিও পূজা খনৰ এক বিশেষত্বৰ বাবেই বৰ্তমান চৰ্চাৰ শীৰ্ষত ৷

যি স্থানত বিগত ৬২ বছৰ ধৰি এই পূজা ভাগ অনুষ্ঠিত হৈ আহিছে সেই স্থানৰ গাতে গা লগাই আছে বেপাৰী পট্টী জুম্মা মচজিদ ৷ প্ৰায় আঢ়ৈশ বছৰ পুৰণি এই ঐতিহাসিক মছজিদৰ গাতে গা লগাই বিগত ৬২ বছৰ ধৰি নৱ যুৱক দুৰ্গোৎসৱ সমিতিয়ে অনুষ্ঠিত কৰি আহিছে ব্যাপক জাক জমকতাৰে দুৰ্গা পূজা ৷

দুৰ্গা পূজাস্থলী আৰু মচজিদৰ মাজত ব্যৱধান মাথোঁ এখন অবোধ কংক্ৰিটৰ দেৱাল ৷ এখন দেৱালে সীমা নিৰ্ধাৰণ কৰা দেৱালৰ এটা পাৰে আল্লাক দোৱা আৰু আনটো পাৰে ঈশ্বৰক প্ৰাৰ্থনা ৷

বিগত এটা মাহ ধৰি আয়োজক সমিতিৰ নেৰেনেপেৰা প্ৰচেষ্টাত কালি নিশা দেৱীক বেদীত প্ৰতিস্থা কৰাৰ লগে লগেই আৰম্ভ হৈ গল বহু প্ৰত্যাশিত দুৰ্গাপূজা ৷মন্ত্ৰোশ্লোকৰ বাণীৰে নিৰন্তৰ এক আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰি থকা পূজা সমিতিয়ে কাষতে থকা পাঁচ ৱক্ত নামাজৰ বাবে মাইকত আজান ভাহি অহাৰ লগে লগেই মণ্ডপৰ মাইক বন্ধ কৰি দিয়ে ৷

পুনৰ নামাজ অন্ত পৰাৰ লগেই আৰম্ভ হৈ মন্ত্ৰোশ্লোকৰ বাণী ৷ কোনো পক্ষৰে আক্ষেপ নাই ৷ মছজিদৰ চোতালতেই মণ্ডপৰ বিভিন্ন সামগ্ৰী দমাই থোৱা আছে ৷উদাৰতাৰ প্ৰতীক মচজিদ পৰিচালনা সমিতিয়েও বিগত ৬২ টা বছৰে পূজা আয়োজক সমিতিক আগবঢ়াই আহিছে সহযোগিতা ৷ যেন যেতিয়াই প্ৰয়োজন হয় মচজিদৰ চোতাল ব্যৱহাৰ কৰিব পাৰিব ৷

পূজা সমিতিটো ওতঃ প্ৰোত ভাৱে জড়িত হৈ আছে ইছলাম ধৰ্মী ৰাইজ ৷নামাজ শেষ কৰি ওলাই অহা ইছলাম ধৰ্মী ৰাইজে কাষতে থকা মণ্ডপৰ কাষত উপস্থিত হৈ আয়োজক সমিতিৰ পৰা লৈছে প্ৰস্তুতিৰ বুজ ৷

যি সময়ত সৰ্বত্ৰ বিভেদকামী শক্তিয়ে ৰাজনৈতিক উত্তৰণৰ বাবে সমাজ খনৰ মাজত এক ব্যৱধানৰ সৃষ্টি কৰিছে সেই সময়তেই শিৱসাগৰৰ নৱ যুৱক সংঘৰ এই পূজা ভাগিয়ে ঠায়ে ঠায়ে লেও সেও হৈ পৰা ভাতৃত্ববোধৰ জৰীদাল অধিক সৱল ৰূপত প্ৰতিস্থা কৰিবলৈ সক্ষম হৈছে ৷সমন্বয়ৰ পীঠ ভূমি শিৱসাগৰৰ পৰাই বিশ্ববাসীৰ বুকুলৈ বিলাই দিছে এই বাৰ্তা ৷যি বাৰ্তাত আছে মানৱতাৰ জয়গান ৷শান্তি প্ৰগতিৰ বাণী ৷

assam sivsagar